ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰস্তুতিৰে পহিলা আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব শিলঘাট মৰাপাট কলৰ উৎপাদন

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰৰ লগতে ৰাজ্যখনৰ ভিতৰতে উল্লেখযোগ্য সমবায়ভিত্তিক উদ্যোগ অসম সমবায় শিলঘাট মৰাপাট কল। সময়ে সময়ে মিলটো বিভিন্ন কাৰণত বন্ধ হৈ পৰে যদিও যোৱা দুমাহ ধৰি বন্ধ হৈ থকা মিলটো অহা আগষ্ট মাহৰ পহিলা সপ্তাহৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে মৰাপাট কল পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তই।

Pic

উল্লেখ্য যে শনিবাৰে নিশা কলিয়াবৰ প্ৰেছ ক্লাবৰ কাৰ্য্যালয়ত স্থানীয় বিধায়ক তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে দুমাহৰো অধিক কাল বন্ধ হৈ থকা শিলঘাট মৰাপাট কলটোৰ অচলাৱস্থা দূৰিকৰণৰ সন্দৰ্ভত সংবাদকৰ্মীসকলৰে হোৱা এক আলোচনাৰ অন্তত অধ্যক্ষ তথা মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। অসম সমবায় মৰাপাট কলৰ অচলা অৱস্থা দূৰীকৰণ সম্পৰ্কত প্ৰেছ ক্লাবৰ তৰফৰ পৰা মন্ত্ৰী কেশৱ মহন্তক উক্ত অনুষ্ঠানতে এখন স্মাৰকপত্ৰও প্ৰদান কৰা হয়। প্ৰদান কৰা স্মাৰকপত্ৰৰ দাবী সমূহৰ প্ৰায় সকলো দাবী পূৰণ কৰাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই । ৰাজ্য চৰকাৰে বাজেটত কলটিলৈ অনুমোদন জনোৱা আঠ কোটি টকাৰ সঠিকভাৱে ব্যৱহাৰ কৰি অতি সোনকালে অসম সমবায় মৰাপাট কলৰ উৎপাদন আগষ্টৰ পহিলা সপ্তাহৰ পৰাই আৰম্ভ কৰা হ'ব বুলি প্ৰেছ ক্লাবক আশ্বাস প্ৰদান কৰে কল পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তই। উল্লেখ্য যে বিগত দুটা মাহৰো অধিক কাল বন্ধ হৈ আছিল নগাওঁ জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটি। কলটোৰ উৎপাদন সামগ্ৰীৰ মূল্যতকৈ উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগতে কলটোৰ যন্ত্ৰাংশ আদি পুৰণি হোৱা, শ্ৰমিকৰ মাজৰ আভ্যন্তৰীণ সংঘাত আদি বিভিন্ন কাৰণত লোকচানৰ সন্মুখীন হোৱাৰ লগতে আৰ্থিক সংকটত পৰাৰ বাবে আজি পৰ্যন্ত বন্ধ হৈ আছে কলটো । বিগত বছৰটোতো লকডাউনৰ বাবে বিয়াল্লিছ দিন আৰু কল কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ বিবাদৰ বাবে ষাঠি দিন বন্ধ হৈ আছিল কলটিৰ উৎপাদন । কলটিৰ শ্ৰমিক সমাজে অতি কম মজুৰিত কাম কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়োৱাৰ পাছতো কেৱল পুঁজিৰ অভাৱৰ বাবেই কলটিৰ উৎপাদনকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ সাহস কৰিব পৰা নাছিল কল কৰ্তৃপক্ষই । বিগত বৰ্ষত এশ দুদিন আৰু চলিত বৰ্ষত ষাঠি দিনৰ মজুৰিৰ পৰা বঞ্চিত কলটিৰ শ্ৰমিক-কৰ্মচাৰীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । ইফালে, যোৱা দুটা দিনত কলটিৰ এই অচলাবস্থা দূৰ কৰি পুনৰ উৎপাদন আৰম্ভ কৰিব পৰাৰ এক উপায়ৰ সন্ধান বিচাৰি কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যসকলে কলটিৰ উৎপাদন পৰিচালক দ্বয়ৰ সৈতে পৰিচালন সঞ্চালক আৰু কৰ্মী সন্থাৰ লগত পৃথকে পৃথকে একাধিক বৈঠকত মিলিত হৈছিল ।

Your Comments