শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত মছজিদ কমিটীসমূহৰ বিষয়ববীয়াৰ সৈতে বৈঠক

Pic

*ঈদৰ নামাজ ঘৰতে সম্পন্ন কৰিবলৈ আহ্বান*

*ঈমামৰ লগত চাৰিজন ব্যক্তিয়ে মছজিদত সম্পন্ন কৰিব পাৰিব ঈদৰ নামাজ*

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ক'ভিড-১৯ অতিমাৰীৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত ইয়াৰ গনসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰি সমূহ ইছলামধৰ্মী ৰাইজক এইসমূহ পালন কৰিবলৈ আহ্বান জনাইছে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত জিলাখনৰ মছজিদ কমিটীসমূহৰ বিষয়ববীয়াসকলৰ লগত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ-উজ-জোহাৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়। আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত মছজিদত ঈমামৰ বাহিৰে কেৱল চাৰিজন ব্যক্তিক নামাজ পঢ়াৰ অনুমতি দিয়াৰ লগতে অন্যান্য সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈও তেওঁ আহ্বান জনায়। মছজিদ কমিটীৰ তৰফৰ পৰা ঈমামৰ বাহিৰে যি চাৰিগৰাকী ব্যক্তিয়ে নামাজ পঢ়িব পাৰিব,সেয়া আগতীয়াকৈ সদৰি কৰিব বুলিও তেওঁ উল্লেখ কৰে। দেশত যিহেতু অতিমাৰী ক'ভিড-১৯ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেয়ে গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ অন্যান্য উৎসৱৰ লগতে পৱিত্ৰ ঈদ উদযাপনৰ মাধ্যমেৰে সামাজিক সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক দৃঢ় হ'ব বুলি মতপোষণ কৰে।

নিজ বক্তব্যত উপায়ুক্তগৰাকীয়ে ক'ভিড-১৯ সন্দৰ্ভত জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও আলোকপাত কৰে। সভাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে অসম চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি তথা সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে আগন্তুক ঈদ-উজ-জোহা উদযাপন কৰিবলৈ আহ্বান জনায়। তেওঁ পুৱা সোনকালে কোৰবানীৰ নীতি-নিয়ম সম্পূৰ্ণ কৰি দিনৰ দুই বজাৰ ভিতৰত যাৱতীয় কাম-কাজ সম্পন্ন কৰিবলৈ কয়। তেওঁ লগতে কোৰবানীৰ পিছত পেলনীয়া সামগ্ৰীসমূহ যথাযোগ্যভাৱে নিৰ্দিষ্ট স্থানত পুতি পেলাবলৈ আহ্বান জনায়। তেওঁ লগতে কোৰবানীৰ দৃশ্য কোনোধৰণৰ সামাজিক মাধ্যমযোগে প্ৰচাৰ নকৰিবলৈ কয়। তেওঁ সকলোকে শান্তি-শৃংখলা বজাই ৰাখি ঈদ উদযাপন কৰিবলৈ আহ্বান জনায়।

সভাত উপস্থিত থকা জিলাখনৰ মছজিদ কমিটীসমূহৰ বিষয়ববীয়াসকলে জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় আৰু ঈদ উদযাপন সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো আশ্বাস প্ৰদান কৰে। সভাত সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক উপস্থিত থাকে।

Your Comments