পূব বনভাগ মৌজাৰ নৱ-নিযুক্ত মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীক বিজেপিৰ সম্বৰ্ধনা

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ জুলাইঃ

দীৰ্ঘদিন ধৰি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বনভাগ মৌজাৰ মৌজাদাৰৰ পদটো খালী হৈ থকাত ৰাইজৰ ভীষণ সমস্যাৰ সন্মুখীন হৈ অহাৰ সময়তে অৱশেষত পূৰ্বৰ বিলপাৰ গাঁৱৰ প্ৰয়াত মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰীৰ দ্বিতীয় পুত্ৰ।প্ৰশান্ত দত্ত চৌধুৰীক ৰাজহ বিভাগে মৌজাদাৰ হিচাপে নিযুক্তি দিয়ে।

এই উপলক্ষে আজি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ‍্যামন্ত শৰ্মাসহ এটি দলে নৱ-নিযুক্ত মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে আগন্তুক দিনত মৌজাটোৰ কাম-কাজ সুন্দৰভাৱে পৰিচালনা কৰাৰ আশাৰে অভিনন্দন জ্ঞাপন কৰে।

Your Comments