কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

Pic

যোৱা ২২ জুনৰ সন্ধিয়া কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত কবি কৰুণাকান্ত বৰ্মন মৃত্যুৰ এমাহ হোৱা উপলক্ষে কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ এখন "গুগল মীট"ৰ অনুষ্ঠিত কৰা হয়।

Pic

অনুষ্ঠানটোৰ আঁত ধৰিছিল সম্পাদক ডিম্বেশ্বৰ পাঠকে আৰু সহযোগী ৰূপে আছিল মহানগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু অসম কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ দাস । প্ৰয়াত কৰুণাকান্ত বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পিছতে এগৰাকী শিল্পী জুবলী শৰ্মাৰ ভজনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ আৰম্ভণি কৰা হয় । কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা ডাঙৰীয়াই প্ৰথমেই সংক্ষেপতে প্ৰয়াত কবিজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এটি মনোজ্ঞ ভাষণ আগবঢ়ায়।

Pic

অনুষ্ঠানটোত প্ৰথম অৱস্থাত অংশগ্ৰহণ কৰিছিল অসমৰ বিভিন্ন অঞ্চলৰ ৪৫ জন সাহিত্য অনুৰাগী বিশিষ্ট ব্যক্তিয়ে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, সাহিত্যাচাৰ্য ড:পৰাগ কুমাৰ ভট্টাচাৰ্য, যোৰহাটৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱজিৎ বৰা, পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, বিষয়ববীয়া পৱিত্ৰ কুমাৰ শৰ্মা, জিলা সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি মহীধৰ ডেকা, প্ৰাক্তন উপ-সভাপতি সবিতা দেৱী, গোপাল জালান, কিশোৰ জৈন,সাহিত্যৰথী সাহিত্য সভা,বতাহঘূলীৰ সভাপতি অতুল তামুলীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। সকলোৱে কাব্যপ্ৰাণ, অক্লান্ত সাহিত্য সংগঠক প্ৰয়াত কৰুণা কান্ত বৰ্মনৰ কাব্য প্ৰতিভা আৰু কৰ্মনিষ্ঠা, সাহসী, স্পষ্টবাদী গুণৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

মনোজ দাসে কবিজনৰ কাব্যগ্ৰন্থ 'পিতাইৰ কামিহাড়'ৰ এটি কবিতা পাঠ কৰে। প্ৰসংগক্ৰমে সাম্প্ৰতিক কোভিড পৰিস্থিতি সম্পৰ্কেও অভিমত ব্যক্ত কৰা হৈছিল।অঙ্কুশ ৰায়মেধীৰ শলাগৰ শৰাইৰে প্ৰায় তিনিঘন্টীয়া অনুষ্ঠানটিৰ সমাপ্তি ঘোষণা কৰা হয়।

Your Comments