বন বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত হাজোৰ বৰম্বৈত উচ্ছেদ অভিযান

Pic

*উচ্ছেদৰ নামত বৈধ পৰিয়ালক হাৰাশাস্তিৰ অভিযোগ*

#বিশেষ প্ৰতিবেদক,হাজো:

সমগ্ৰ ৰাজ্যজুৰি চৰকাৰী ভূমি,সত্ৰ, মঠ-মন্দিৰৰ অবৈধ বেদখলকৃত ভূমিত প্ৰশাসন আৰু বন বিভাগৰ জড়িয়তে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে ২৩ জুনত হাজোৰ বৰম্বৈ পাহাৰৰ নামনিত অবৈধভাৱে বন সংৰক্ষণ বিভাগৰ ভূমিত বেদখল কৰি বসতি স্থাপন কৰি থকা স্থানত হাজো বন বিভাগে কামৰূপ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়।ৰঙিয়া বন সংমণ্ডলৰ এচিএফ ৰঞ্জিত দত্ত,কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুবোধ বাগলাৰী, হাজোৰ বন বিষয়া সংগীতা ৰাণী সিনহা, হাজোৰ চক্ৰ বিষয়া সুকণ্যা বৰা হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধি,শুৱালকুছি আৰু দদৰা আৰক্ষীৰ উপস্থিতিত দিনৰ দহ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে। এই উচ্ছেদ অভিযান কালত বৰম্বৈ পাহাৰৰ নামনিত অবৈধ ভাৱে বেদখলিকৃত পৰিয়ালৰ বাসগৃহৰ লগতে সেই স্থানত স্থাপন কৰা শিল ভঙা ক্ৰেচাৰ মেচিনৰ স্থানো জেচিবিৰে উচ্ছেদ কৰে। লক্ষনীয়ভাৱে হাজো বন বিভাগৰ তৰফৰ পৰা অবৈধভাৱে বেদখলিকৃত বুলি মুঠ বাইশটাকৈ পৰিয়ালক জাননী জাৰি কৰিছিল যদিও অভিযান কালত অবৈধ বেদখলকাৰী বুলি মাত্ৰ কেইটামান পৰিয়ালহে চিনাক্ত কৰি উচ্ছেদ অভিযান চলায়।এই উচ্ছেদিত পৰিয়ালৰ এটি পৰিয়ালৰ বাসগৃহ চৰকাৰীভাৱে নিৰ্মিত আছিল। ইফালে,হঠাতে বন বিভাগৰ পৰা জাননী পোৱা বৈধ পৰিয়ালসমূহে অকাৰণতে হাৰাশাস্তিৰ সন্মুখীন হোৱাত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিয়নো বন বিভাগৰ জাননী পোৱা মাত্ৰেই ভয়-শংকাত ভুগি তেওঁলোকৰ বাসগৃহসমূহ নিজে নিজে ভাঙি সমগ্ৰ আচ-বাব, বয়- বস্তু অন্য স্থানলৈ স্থানান্তৰ কৰে। ভৰ বাৰিষা আৰু ক'ভিড মহামাৰীৰ ভয়বহতাৰ সময়ত বন বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ সমালোচনাও কৰে একাংশ দল-সংগঠনে। উল্লেখযোগ্য যে যদিও সেই ঠাইখিনিত বাইশটা পৰিয়ালে অবৈধভাৱে বেদখল কৰাৰ তথ্য হাজো বন বিভাগৰ হাতত আছিল, তেন্তে কি কাৰণত আজি মাত্ৰ দুই- তিনিটা ঘৰহে উচ্ছেদ কৰি দায়িত্ব সামৰিলে সেয়াহে অতিকৈ লক্ষণীয় বিষয় হৈ পৰিছে।

Your Comments