হাজোত ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ বুজ ল'লে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Pic

#বিশেষ প্ৰতিবেদক,হাজো:

তীৰ্থনগৰী হাজোত ২২ জুনত উপস্থিত হয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে সৰ্ববৃহৎ টীকাকৰণ প্ৰক্ৰিয়া। দৈনিক ৰাজ্যত ৩ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। কামৰূপ জিলাৰ লগতে হাজোতো কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দৈনিক জিলাখনত ১৫ পৰা ২০ হাজাৰ ক'ভিডৰ ভেকচিন প্ৰদানৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। তেনে সময়তে ২২ জুনত হাজোৰ কৈৱৰ্তটোলা ভি পি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা টীকাকৰণ কেন্দ্ৰত প্ৰক্ৰিয়াটোৰ বুজ ল'বলৈ উপস্থিত হয় উদ্যোগ বিভাগৰ মন্ত্ৰীগৰাকী।টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ হাজোবাসীকে কভিড ভেকচিন ল'বলৈ বিনম্ৰভাৱে আহ্বান জনায়।

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত পৰৱৰ্তী পৰ্য়ায়ত হাজোত পৰ্যটন-পিতল শিল্প-ধান গৱেষণা কেন্দ্ৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এখন গঢ়ি তোলা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিৰ গোপাল শাস্ত্ৰী বিদ্যাপীঠৰ লগতে কমলপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা টিকাকৰণ কেন্দ্ৰৰ প্ৰক্ৰিয়াৰো বুজ লয় মন্ত্ৰী পাটোৱাৰীয়ে।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে আৰক্ষী তথা স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ ভালেসংখ্যক বিষয়াই।

Your Comments