ঘগ্ৰাপাৰৰ ক'ভিড-১৯ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ‍্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা সৰ্ববৃহৎ টীকাকৰণৰ অভিযানৰ অংশগ্ৰহণ হিচাপে ২২ জুনত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫ টা ক'ভিড -১৯ টীকাকৰণ কেন্দ্ৰসহ ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধীৰদত্ত হাইস্কুল, দিহজাৰী খাতা হাইস্কুল, পশ্চিম বনভাগ হাইস্কুল,কঞাকুছি প্ৰাথমিক বিদ্যালয়ৰ ক'ভিড-১৯ টীকাকৰণ কেন্দ্ৰসমুহ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই পৰিভ্ৰমণ কৰে। কেউটা স্থানতে নিয়াৰকৈ টীকাকৰণ প্ৰক্ৰিয়া চলি থকাৰ বাবে সু -ব‍্যৱস্থা কৰাৰ উপৰিও কেন্দ্ৰসমূহৰ অভাৱ -অভিযোগৰ বুজ লয়।

লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁ‌জত বিজয়ী হোৱাৰ বাবে সম্পূৰ্ণ টীকাকৰণ অতিকৈ জৰুৰী আৰু ইয়াৰ বাবে ৰাইজক সচেতনতা ৰক্ষা কৰি টীকাকৰণ প্ৰক্ৰিয়াত চৰকাৰলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে বিধায়কগৰাকীয়ে আহ্বান জনায়।

বিধায়কগৰাকীৰ এই দিনযোৰা কাৰ্যসূচীত সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সম্পাদক নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ‍্যামন্ত শৰ্মা,মৃগেন শৰ্মা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,অ'বি চি মৰ্চাৰ উপ সভাপতি দ্বীজেন দাস আদিয়ে।

Your Comments