আহিছে ভয়ঙ্কৰ খৰাং 'মহামাৰী', সাৱধানবাণী ৰাষ্ট্ৰসংঘৰ

খৰাং

ক’ৰ’না-পর্ব শেষ হোৱাই নাই। তাৰ মাজতে অন্য এক মহামাৰীৰ ছাঁ কাষ চাপি আহিছে। সাৱধান কৰি দিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ এটা বিশেষ ৰিপোর্টত কোৱা হৈছে, এইবাৰৰ মহামাৰী হৈছে খৰাং বতৰ।

ৰাষ্ট্ৰসংঘৰ এই ৰিপোর্টৰপৰা জানিব পৰা গৈছে, গোলকীয় উষ্ণতা, জলবায়ু আৰু ঋতু-পর্বৰ পৰিবর্তন, ভূগর্ভস্থ পানীৰ অপৰিকল্পিত ব্যৱহাৰ, অপচয় আৰু ক্রমবর্ধমান জনঘনত্বৰ বিপদেই এই আসন্ন মহামাৰীৰ ('pandemic' of catastrophic droughts) বাবি দায়ী হ’ব । 

বিগত দুই দশকত অন্ততঃ দেড়শ কোটি মানুহ ইতিমধ্যেই খৰাঙৰ প্রকোপত পৰিছে । বিঘ্নিত হৈছে অর্থনীতি। ৰাষ্ট্ৰসংঘৰ বিশেষ ৰিপোৰ্টত কোৱা হৈছে, পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত বৃষ্টিপাত কমিছে বাবে খৰাং তৰান্বিত হৈছে। ইতিমধ্যেই জলসঙ্কটত ভোগা অঞ্চল হিচাপে চিহ্নিতও হৈছে বিশ্বৰ বহু কেইখন ঠাই। গোলকীয় উষ্ণতাৰ বাবে ইতিমধ্যে ভূগর্ভস্থ পানীৰ পৰিমাণত ব্যাপক হ্ৰাস দেখা গৈছে। জলস্তৰ তললৈ নামিছে। 

ভূগর্ভস্থ পানীৰ অপচয় ৰোধ কৰাৰ বহুকেইটা পথৰো উল্লেখ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ ৰিপোর্টত। কোৱা হৈছে, ইয়াৰ বাবে কৃষিকাৰ্য বহু গুণ বৃদ্ধি কৰিব লাগিব । কমাব লাগিব পর্যটন, জলবিদ্যুৎ উৎপাদন।

গোলকীয় উষ্ণতা সন্দৰ্ভত বিশেষ সতর্ক কৰা হৈছে। কোৱা হৈছে, শিল্পযুগৰ তুলনাত বৰ্তমান বিশ্বৰ গড় তাপমাত্রা ২ ডিগ্রী ছেলছিয়াছ বেছি। ফলত প্ৰচণ্ড খৰাঙৰ আগমন প্ৰায় প্ৰস্তুত।  

Your Comments