যোৱা শুক্ৰবাৰৰপৰা মেৰামতিৰ বাবে যাতায়ত বন্ধ হৈ থকা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পূ্ৰ্ণ কৰাৰ নিৰ্দেশ দিলে কামৰূপ জিলা প্ৰশাসনে। ১০দিনৰ সময়সীমা বান্ধি দি মেৰামতি শেষ কৰাৰ নিৰ্দেশ দিছে উপায়ুক্তই। দৈনিক ১০ শতাংশকৈ মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্তই। দলং মেৰামতিৰ কাম লেহেমীয়া গতিত চলি থকাৰ গুৰুতৰ অভিযোগৰ পিছতে এই নিৰ্দেশনা প্ৰশাসনৰ।
১১ জুনৰ পৰা মেৰামতিৰ বাবে যাতায়ত বন্ধ ৰখাৰ ফলত শৰাইঘাটৰ নতুন দলঙত দৈনিক তীব্ৰ যান-জঁটৰ সমস্যা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কেৱল যে শৰাইঘাট দলঙতে হৈছে তেনে নহয়, দলঙৰ দুয়োপাৰে ক'ভিড বাধ্যবাধকতাৰ মাজতো দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁট।
গুৰুত্বপূৰ্ণ কথা যে তিনিমাহৰ বাবে দলখনৰ যাতায়ত বন্ধ ৰখা হৈছিল যদিও যান-জঁটৰ সমস্যা সমাধানৰ বাবে ১০দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰয়োজনত জিলা প্ৰশাসনে সহায় কৰিব বুলিও নিৰ্দেশনাত উল্লেখ আছে।
- Log in to post comments
- 29 views