মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ

TET passed teachers

নৱনির্বাচিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বুধবাৰে সাক্ষাৎ কৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে। অসমৰ বিভিন্ন জিলাত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উৰ্ত্তীণ শিক্ষকক এটা নিয়ন্ত্ৰণকাৰী সন্থাৰ অধীনলৈ অনা, এনপিএছ, গেচুইটি, মৃতকালীন সা-সুবিধা, ছাৰ্ভিছ বুক, আপোন ঘৰ বেংক লোণ আদি সুবিধাৰ প্ৰদানৰ কৰা দাবীৰে স্মাৰক পত্ৰ অৰ্পণ কৰে মুখ্যমন্ত্ৰী গৰাকী হাতত ।

মুখ্যমন্ত্ৰী সাক্ষাতৰ সন্দৰ্ভত শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয়-শিক্ষক সকলৰ দাবীসমূহ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীৰ সঁহাৰিক ধন্যবাদ জনাছে সমাজৰ সম্পাদক মিৰাজুল ৰচিদে।

উল্লেখ্য যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ কালচোৱাতে নিযুক্তি প্ৰাপ্ত ঠিকাভিত্তিক টেট উৰ্ত্তীণ শিক্ষক সকলৰ সমস্যা সমাধান হৈ উঠিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী সাক্ষাৎ সময়ত তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২০ হাজাৰ টকা আৰ্থিক বৰঙণি চে’ক যোগে প্ৰদান কৰে।

Your Comments