মাতৃভাষাক উপেক্ষা নকৰাকৈ ৰাজ্য চৰকাৰ আৰু ছেবাক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান এজেপিৰ

AJP

ক'ৰ’না আতংকৰ মাজতে বিষয় সংকুচিত কৰি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবা আৰু শিক্ষা বিভাগে চিন্তাচৰ্চা অব্যাহত ৰাখিছে। বিষয় সংকুচিত হ’লে মাতৃভাষা বিষয়ৰ পৰীক্ষাৰ অনুষ্ঠিত নহ’ব বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত খবৰ ওলাইছে। ছেবা কৰ্তৃপক্ষই বিষয়টোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে। সেই সন্দৰ্ভত অসম জাতীয় পৰিষদে কয়- ছেবা কৰ্তৃপক্ষই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অন্য-বিষয়ৰ লগত অসমীয়া বিষয়ৰো পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। ৰাজনৈতিক দলটোৱে সেই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবা অধ্যক্ষ ৰমেশচান্দা জৈনক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে মঙলবাৰে।

Notice

দলৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞাই স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ দলৰ দুই মুখপাত্ৰ অমৃত কুমাৰ খাটনীয়াৰ আৰু অমিতাভ বৰঠাকুৰে প্ৰদান কৰে।


এজেপিয়ে স্মাৰক পত্ৰ দি কয়-মাতৃভাষা বিষয়ৰ অধ্যয়ন আইন মতে বাধ্যতামূলক আৰু সেয়া অসমীয়াকে ধৰি অসমৰ থলুৱা মাতৃভাষাসমূহৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ বাবেও জৰুৰী৷ মাতৃভাষা বিষয় পৰীক্ষা নাপাতিলে শিক্ষাৰ্থীসকলৰ ওচৰত মাতৃভাষা বিষয়ৰ গুৰুত্ব কম বুলিহে বুজোৱা হ'ব।চাৰিটা বিষয়ত পৰীক্ষাৰ পতা সম্ভৱ হ'লে পাঁচটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰাও সম্ভৱ। কিন্তু কোনো অৱস্থাতে অসমীয়া আৰু বড়োসহ মাতৃভাষা বিষয়ৰ পৰীক্ষা পতাৰ পৰা বিৰত থকাটো উচিত নহ'ব।  

তাৎপৰ্যপূৰ্ণ যে এজেপিৰ প্ৰতিনিধি দলটোৱে শিক্ষামন্ত্ৰী পেগুক সাক্ষাৎ কৰোতে মাতৃভাষা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আশ্বাস প্ৰদান কৰা বুলিও তেওঁলোকে কয়। কিন্তু শিক্ষামন্ত্ৰী গৰাকীৰ আশ্বাসৰ বিপৰীতে বুধবাৰে এজেপি প্ৰতিনিধি দলটোক ছেবাৰ অধ্যক্ষ জৈনে অৱগত কৰে যে  ছেবাৰ পাঠ্যক্ৰমত অসমীয়াসহ মুঠ ১১টা মাতৃভাষা পঢ়োৱা হয় আৰু সেই মতে মাতৃভাষাৰ পৰীক্ষা পাতিবলৈ হ'লে ১১টা মাতৃভাষাৰ প্ৰশ্ন কাটিব লাগিব, সেয়ে মাতৃভাষাৰ পৰীক্ষা পতাটো সম্ভৱ নহয়"।

Your Comments