ক’ভিড পৰিস্থিতিৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিলৰ দাবীত সোমবাৰে লিখিত আবেদনৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অসমৰ একাংশ অভিভাৱক।
যি কোনো পৰিস্থিতিতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে যদিও পৰীক্ষাক লৈ ৰাজ্য চৰকাৰে এই পৰ্যন্ত কোনো স্পষ্ট নিৰ্দেশনা ঘোষণা কৰিব পৰা নাই।
কিন্তু সম্ভাৱনা আছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাকলৈ দুই এদিনতে চূড়ান্ত সিদ্ধান্ত আৰু এছঅ’পি ঘোষণা কৰাৰ। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ত পৰীক্ষা বাতিলৰ দাবীৰে একাংশ অভিভাৱকে কৰা হৈছে আবেদন উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷
পৰীক্ষা অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত পূৰ্বৰপৰাই চলি থকা CBSEৰ এক গোচৰ সৈতেই সংলগ্ন কৰি দিয়া হৈছে অসমৰ পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাৰ বিষয়টো। উক্ত গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে অহা ১৭ জুনত ।
- Log in to post comments
- 14 views