ব্ৰিটিছৰ দিনতে নিৰ্মিত ঐতিহাসিক শিৱসাগৰৰ আমগুৰিঘাটৰ দিখৌ কপিকল সংযোগী দলং মেৰামতি, সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ দাবীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈয়ে। জিএমচিএইচত চিকিৎসাধীন হৈ থকা কাৰাবন্দী বিধায়কজনে ব্ৰিটিছ 'ব্ৰাইট এণ্ড কোম্পানী'য়ে ১৯৩৫ চনত নিৰ্মাণ কৰা ঐতিহ্য প্ৰসিদ্ধ দলংখন সংৰক্ষণ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীক।
পুৰণি দলংখন জহি-খহি গৈছে আৰু যিকোনো সময়তে ভাঙি পৰিব পাৰে। দলংখন শিৱসাগৰৰ বাবে এক গৌৰৱময় স্মৃতি বুলিও গগৈয়ে পত্ৰত উল্লেখ কৰিছে।
উল্লেখ্য জাহাজ চলাচলৰ সুবিধা হোৱাকৈ কপিকল সংযোগ কৰি নিৰ্মান কৰা লোহাৰ দলংখন এটা সময়ত উজনি অসমৰ পৰিবহণ আৰু যোগাযোগৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম আছিল। ৰাজ্যৰ সাংস্কৃতিক জগতখনতো দলংখনৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।
গুৰুত্বপূৰ্ণ কথা দলংখন সোনকালে মেৰামতি নকৰিলে ভাঙি পৰাৰ সম্ভাৱনা থকা বুলিও শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে পত্ৰত উল্লেখ কৰিছে।
- Log in to post comments
- 59 views