'অসম প্ৰদেশ কংগ্ৰেছৰ পৰিৱৰ্তি সভাপতি হ'ব ভূপেন বৰা নতুবা প্ৰদ্যুৎ বৰদলৈ'- এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। 'সভাপতি পদত ময়ো দাবীদাৰ আছিলোঁ কিন্তু মোক নিদিয়ে। দেখাত অলপ ক’লা, দাঁড়ি থকা নতুবা চাহজনগোষ্ঠীৰ কাৰণে হয়তো মোক নিদিয়ে। মুখ অলপ বেছি চলে বাবেও নিদিব পাৰে' তেওঁ লগতে কয়।
সাংসদ আব্দুল খালেক আৰু কমলাক্ষ দে পুৰকায়স্থকো সভাপতিৰ আসন শীর্ষ নেতৃত্বই নিদিয়ে বুলি উল্লেখ কৰি কুর্মীয়ে কয়- যিসকল জ্যেষ্ঠ তেওঁলোককে দি দিব। প্ৰদ্যুৎ বৰদলৈ-ভূপেন বৰাৰ ভিতৰত যিকোনো এজনে পাব।বিৰোধী দলৰ দলপতি হোৱাৰ বাবে দেৱব্ৰত শইকীয়াক নিদিয়ে'।
প্ৰদ্যুৎ বৰদলৈ-ভূপেন বৰা যিয়েই হয় শুভেচ্ছা জনোৱা বুলি উল্লেখ কৰি কুৰ্মীয়ে কয়- আব্দুল খালেক সংখ্যালঘু, কমলাক্ষ দে পুৰকায়স্থ ভাষিক সংখ্যালঘু, মই চাহগোষ্ঠীৰ ।সেইবোৰ ডাঙৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ পদবী আমাৰ দৰে সৰু মানুহক নিদিব ক’ত দিব'।
আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ নামো চৰ্চাত আছে। সভাপতি পদৰ বাবে প্ৰস্তুতি চলাই আছে। তেওঁ সভাপতি হৈ ২০২৬চনত মুখ্যমন্ত্ৰী হোৱাৰ কথা চিন্তা কৰি আছে- কুর্মীয়ে কয়। মোৰ ভৱিষ্যতবাণী সাধাৰণতে ফলিয়াই। নির্বাচনত চানী লিয়নি আহিলেও জিকিম কৈছিলো জিকিলো।সেইয়া ভৱিষ্যতবাণীয়ে আছিল।
'দলে সভাপতি পাতিলে বিশ্বাস আছে ভালদৰে চলাব পাৰিম ৷ জেং কৰিমেই। লাইফত জেং লাগেই। জেং নহ’লে লাইফ ক’ব নোৱাৰি। লাইফট জেং চেং কৰি থাকিব লাগিব'- কুর্মীয়ে কয়।
'ৰকিবুল হুছেইন কংগ্ৰেছ দলৰ স্বাস্থ্যৱান নেতা। তেঁৱেই আমাক ধৰি ৰাখিছে।তেওঁ নাথাকিলে কংগ্ৰেছ নাথাকে।হুছেইনৰ কাৰণে অসমত কংগ্ৰেছ বুলিও তীক্ষ্ণ মন্তব্য প্ৰকাশ কৰে কুৰ্মীয়ে।
- Log in to post comments
- 23 views