গুৱাহাটী মেডিকেল কলেজ হস্পিতালত নকল পেচমেকাৰ বিক্ৰী ঘটনাৰ সন্দৰ্ভত ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিভাষ পাটোৱাৰী, গোবিন্দ পোদ্দাৰ, পূৰ্ণ ডেকা আৰু জাহাংঙ্গীৰ হুছেইনক।
উল্লেখ্য দুদিন পূৰ্বে জিএমচিএইচৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকে ধৰা পেলাইছিল নকল পেচমেকাৰ ।
মেডিকেল কলেজখনৰ চৌহদত থকা 'ৰ’দালি ড্ৰাগছ' ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৰোগীক যোগান ধৰিছিল নকল পেচমেকাৰ।
ইফালে গ্ৰেপ্তাৰ কৰা অভিযুক্ত চাৰিজনক ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰখা হৈছে।
- Log in to post comments
- 35 views