ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে কংগ্ৰেছৰ আহ্বানত পালন কৰা ভাৰত বন্ধই দেশত বিজেপি চৰকাৰবিৰোধী মহাজোঁট গঠনৰ পথ অধিক উজ্জ্বল কৰি তুলিছে ৷ কংগ্ৰেছে আহ্বান দিয়া এই বন্ধৰ কাৰ্যসূচীত প্ৰত্যক্ষভাৱে যোগ দিছে কমেও ২১টা দল-সংগঠনে ৷

ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

সমগ্ৰ ভাৰতজুৰি এই বন্ধত জনজীৱন ব্যাপকভাৱে স্তব্ধ হৈ পৰিছিল ৷ বন্ধৰ সময়ছোৱাত বহু ৰাজ্যত কিছু হিংসাত্মক ঘটনাও সংঘটিত হৈছে যদিও বন্ধৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিয়ে ক্ষমতাসীন মোডী চৰকাৰক আতংকিতও কৰি তুলিছে ৷

ইতিমধ্যে কংগ্ৰেছসহ বিভিন্ন দলৰ বিজেপিবিৰোধী মহাজোঁট গঠনৰ তৎপৰতায়ো তেলেঙ্গানাত নতুন মা্ত্ৰা লাভ কৰিছে ৷ এই ৰাজ্যখনত শাসক দল টি আৰ এছ আৰু বিজেপিৰ বিৰুদ্ধে ইতিমধ্যেই কংগ্ৰেছ, তেলুগু দেশম আৰু বাওঁদলবিলাক এটা জোঁট হিচাপে নিৰ্বাচনী যুঁজত ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে ৷

তেলেঙ্গানাৰ মুখ্য মন্ত্ৰী তথা টি আৰ এছৰ মুৰব্বীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে পৃথকভাৱে বিধানসভা নিৰ্বাচনৰ সিদ্ধান্ত লৈ যোৱা সপ্তাহত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বিধানসভা ভঙ্গ কৰি দিছে ৷

ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

ৰাজ্যপালে তেওঁক তত্ত্বাৱধায়ক মুখ্য মন্ত্ৰী হিচাপে কাম চলাই যাবলৈ নিৰ্দেশ দিছে যদিও কংগ্ৰেছ, তেলুগু দেশম আৰু বাওঁদলবিলাকে ৰাজ্যখনত অনতি পলমে ৰাষ্ট্ৰপতি শাসন বলৱৎ আৰু ৰাষ্ট্ৰপতি শাসনৰ অধীনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে ৷

সোমবাৰে ভাৰত বন্ধৰ কৰ্মসূচীক লৈ বিৰোধী দলবিলাকৰ ঐক্যৰ এক নতুন দৃষ্টান্ত দেখা গৈছ ৷ শিৱসেনাৰ দৰে বিজেপিৰ পুৰণি মিত্ৰ দলেও কংগ্ৰেছৰ ভাৰত বন্ধৰ কাৰ্যসূচীক পূৰ্ণ সমৰ্থন জনাইছে ৷

ভাৰত বন্ধৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি বিৰোধী দলবিলাকৰ মাজত ঐক্যৰ যি সম্ভাবনাই দেখা দিছে তাক বাস্তৱায়িত কৰাৰ বাবে ৰাহুল গান্ধী তৎপৰ হৈ পৰিছে ৷ সোমবাৰে বিজেপিবিৰোধী আটাইবোৰ দলেই কংগ্ৰেছৰ ভাৰত বন্ধৰ কাৰ্যসূচীলৈ সমৰ্থন জনাইছে ৷

ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

পশ্চিমবঙ্গ, কেৰালা আদিকে ধৰি বিভিন্ন ৰাজ্যত বাওঁদলবিলাকে পৃথকভাৱে বন্ধৰ আহ্বান দিছিল ৷ পশ্চিমবঙ্গত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে বন্ধৰ কাৰ্যসূচীৰ বিৰোধিতা কৰিছিল যদিও বন্ধৰ ইছ্যুবিলাকলৈ পূৰ্ণ নৈতিক সমৰ্থন জনাইছে ৷

লক্ষণীয় যে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ সমগ্ৰ দেশবাসী ক্ৰুদ্ধ ৷ কংগ্ৰেছসহ আটাইবোৰ বিজেপিবিৰোধী দলেই এই ইছ্যুত জনসাধাৰণৰ পূৰ্ণ সমৰ্থন লাভ কৰিছে৷ বিপৰীতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ইছ্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি সভাপতি অমিত শ্বাহ সম্পূৰ্ণ নীৰব ৷

ভাৰত বন্ধৰ পিছত বিৰোধী ঐক্যৰ তৎপৰতা : তেলেঙ্গানাত জোঁট

তেওঁলোকে দেশবাসীৰ দৃষ্টি অইনফালে ঘূৰাই দিবলৈ এন আৰ চি আদিকে ধৰি অন্যান্য ইছ্যুৰ অৱতাৰণা কৰি আছে ৷   
 

Your Comments