বিশ্ব পৰিৱেশ দিৱসত নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত ই-আলোচনাচক্ৰ সম্পন্ন

Pic

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁঁচনি গোটৰ প্ৰগেম অফিচাৰ ডঃ লখিমী গগৈৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন ই-আলোচনাচক্ৰ গুগুল মিটৰ জৰিয়তে সম্পন্ন কৰা হ'য় । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে অংশগ্ৰহণ কৰা এই আলোচনা-চক্ৰখনত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ৰীতা শৰ্মাই আদৰণী ভাষণ আগবঢ়ায়।মহাবিদ্যালয়খনৰ  অধ্যক্ষ ৰীতা দত্ত হাজৰীকাই আৰম্ভ কৰা আলোচনা-চক্ৰখনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ আচনিৰ সঞ্চালক তথা ৰাষ্ট্ৰীয় সহায়ক আঁচনিৰ সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে  মুখ্য অতিথি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি চহৰীয়াই সমল ব্যক্তি হিচাপে যোগদান কৰি তথ্য সমৃদ্ধ বক্তৃতা আগবঢ়ায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী কুনাল কুমাৰ দাসৰ উপস্থিতি তথা মুল্যৱান ভাষণে আলোচনা-চক্ৰখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Your Comments