শুক্ৰবাৰৰ পৰা তিনিমাহলৈ যাতায়ত বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলঙেৰে, সবিশেষ পঢ়ি জানি লওক

Saraighat bridge

যাতায়তৰ বাবে বন্ধ শৰাইঘাটৰ পুৰণি দলং। শুক্ৰবাৰৰ পৰা তিনিমাহৰ বাবে  বন্ধ থাকিব দলংখন। কামৰূপ(ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ যোগ্য যে, পুৰণি দলংখন মেৰামতি কৰিবলৈ ৰেলৱে’ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে তিনিমাহলৈ বন্ধৰ সিদ্ধান্ত।  বিশেষ প্ৰযুক্তিৰে ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখন কৰা হ'ব মেৰামতি।

গুৰুত্বপূৰ্ণ কথা যে, পুৰণি দলঙৰ মেৰামতিৰ এই সময়চোৱাত নতুন দলঙেৰে চলাচল অব্যাহত থাকিব আৰু পুৰণি দলংখন বন্ধৰ ফলত নতুন দলংখনত তীব্ৰ যান-জঁটৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কাৰণ দুবছৰ পূৰ্বে ৯ কোটি টকাৰে দলংখন মেৰামতি কৰাৰ সময়চোৱাত শৰাইঘাটত দেখা গৈছিল তীব্ৰ যান-জঁটৰ সমস্যা।

Your Comments