এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজেতা বক্সাৰ শিৱ থাপালৈ অসম চৰকাৰৰ ৩লাখ টকাৰ সাহায্য

Shiva Thapa

অলপতে ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজেতা অসম সন্তান শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ গৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ হৈ দেশৰ নাম বিশ্বৰ বুকুত উজ্বলাই তোলা শিৱক সম্বৰ্ধনা জনায় ।ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি শিৱ থাপাক ৩লাখ টকাৰ চেক প্ৰদান কৰে ডঃ শৰ্মাই।

উল্লেখ্য মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল।

গুৰুত্বপূৰ্ণ কথা যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ফাইনেলত মংগোলীয় প্ৰতিদ্বন্দীৰ হাতত  ২-৩ ব্যৱধানত পৰাজিত হৈছিল অসমৰ বক্সাৰ গৰাকী।

Your Comments