ৰহাত বোৱাৰীয়ে দেখুৱালে বিৰল দায়িত্ববোধৰ নিদৰ্শন

Roha

যি সময়ত নিজে নাখায়ো ল’ৰা-ছোৱালীক ভালৰ ভালটো আনি দিয়ে মাক-দেউতাকক বৃদ্ধ বয়সত লগত ৰাখিবলৈ বোজা অনুভৱ কৰে , বৃদ্ধাশ্ৰমলৈ পঠিয়াই, সেই সময়তেই নগাঁও জিলাৰ ৰহাত ঘটিল এক বিৰল ব্যতিক্ৰম ঘটনা ৷ 

Roha

নগাঁও জিলাৰ ৰহাৰ থুলেশ্বৰ দাস নামৰ এজন লোক ক’ৰ’না ৰোগত আক্ৰান্ত হয় ৷ ক’ৰ’না ৰোগীক কৰা ঘৃণা, ক’ৰ’না আতংকৰ বাবে ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাটোও বহু সময়ত ডাঙৰ সমস্যা হৈ পৰে ৷ কিন্তু দাসৰ বোৱাৰী নিহাৰিকা দাসে দেখুৱালে বৰ্তমান সময়ত বিৰল দায়িত্ববোধৰ নিদৰ্শন ৷ নিহাৰিকাই নিজৰ পিঠিত তুলি শহুৰেকক লৈ আনিলে চিকিৎসালয়লৈ ৷ জানিব পৰা অনুসৰি নিহাৰিকা নিজেই আছিল ক’ভিড পজিটিভ ৷ নিহাৰিকাৰ ভাষ্য যে, “আনলৈ বাট নাচায় অসুস্থ শহুৰ দেউতাক নিজেই নিলো চিকিৎসালয়লৈ” ৷

Your Comments