আজাৰাত ৪০ জন ঠেলাচালক আৰু ৰিস্কাচালকক সমাজকর্মী বলেশ্বৰ ৰংপীৰ খাদ্য সামগ্ৰী,মাস্ক বিতৰণ

Pic

মহামাৰী ক'ভিডৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ১৭ ঘন্টাৰ সান্ধ্য আইন ঘোষণা কৰি চলন-ফুৰণৰ ক্ষেত্ৰত কেতবোৰ বাধা - নিষেধ আৰোপ কৰিছে । ফলত জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে দিন হাজিৰা কৰা আৰু খাটি খোৱা লোকসকল । এনে লোকসকলক বিগত ২০২০ বৰ্ষৰ দৰে কিঞ্চিত সহায় কৰিবলৈ আগবাঢ়ি আহিছে পশ্চিম গুৱাহাটীৰ দেউছটাল অঞ্চলৰ বিশিষ্ট সমাজকর্মী আৰু বিজেপিৰ প্ৰাক্তন নেতা বলেশ্বৰ ৰংপী । সোমবাৰে বলেশ্বৰ ৰংপীয়ে নেৰা-নেপেৰা বৰষুণক নেওচিও আজাৰা ৰাজহুৱা সভাঘৰ চৌহদত উপস্থিত হৈ আজাৰা।অঞ্চলটোৰ ৪০ জন ঠেলাচালক আৰু ৰিস্কাচালকক প্ৰতিজনকে ক'ভিড প্ৰট'কল বিধি মানি চাউল,দাইল,মিঠাতেল,আলু,পিয়াঁঁজ,বিস্কুটকে ধৰি কিছু খাদ্য সামগ্ৰী,মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে । ইয়াৰ উপৰিও বলেশ্বৰ ৰংপীয়ে প্ৰতিজনকে গামোচাৰে আদৰণি জনায় আৰু অনাগত দিনতো তেওঁলোকক সহায়ৰ হাত আগবঢ়াব বুলি ব্যক্ত কৰে । আনহাতে, বিতৰণ কাৰ্যসূচীত তেওঁক সহযোগ কৰে ক্ৰমে যতীন দাস,তিলক বৈশ্য,দ্বীপেন দাস আৰু উমেশ বড়াই । উল্লেখযোগ্য যে বিগত বৰ্ষত লকডাউনৰ সময়ছোৱাত বলেশ্বৰ ৰংপীয়ে বৃহত্তৰ অঞ্চলটোৰ শতাধিক খাটি খোৱা লোকক খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে পশ্চিম গুৱাহাটীৰ সাংবাদিকসকলকো খাদ্য সামগ্ৰী আৰু মাস্ক - চেনিটাইজাৰ প্ৰদান কৰিছিল ।

Your Comments