#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭ মেঃ
ক'ৰ'না মহামাৰীৰ ভয়াৱহ পৰিস্থিতিত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতি আৰু বজৰং দলৰ প্ৰশংসনীয় পদক্ষেপ।আৰ্তজনৰ কাষত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ আংশিক লকডাউনৰ সময়ছোৱাত।ক'ৰ'না মহামাৰীৰ বাবে বিভিন্ন পৰিয়ালৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ সময়ছোৱাত নলবাৰী চহৰৰ বিভিন্ন পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।
উল্লেখযোগ্য যে নলবাৰী হৰি মন্দিৰ প্ৰাংগণত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বই আজি কেইবাটাও পৰিয়ালৰ লগতে কেইবাজনো শাৰিৰীকভাৱে অক্ষম ব্যক্তিকো খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পুস্পকপুৰ আৰু বিভিন্ন প্ৰান্তত বিতৰণ কৰে ।আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ সভাপতি তৰুণ ঠাকুৰীয়া আৰু প্ৰচাৰ সম্পাদক ভাস্কৰ ডেকা।পৰিষদৰ অন্যান্য নেতৃবৰ্গও উপস্থিত থাকে।তেওঁলোকৰ এই পদক্ষেপক সকলোৱেই প্ৰশংসাৰেই উপচাই পেলাইছে।
- Log in to post comments
- 11 views