নলবাৰীত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালক ক'ভিড ভেকচিন প্ৰদান

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭মে':

নলবাৰী জিলা স্বাস্থ্য বিভাগৰ জৰিয়তে সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ অন্যান্য সদস্যসকলক আজি ক'ভিড ভেকচিন প্ৰদান কৰা হয়৷ নলবাৰী জিলা প্ৰেছ ক্লাবৰ আবেদনমৰ্মে জিলা প্ৰেছ ক্লাব ভৱন আৰু নলবাৰী প্ৰেছ ক্লাব,এই দুটা স্থানত ভেকচিন প্ৰদান কৰে৷

নলবাৰী জিলা প্ৰেছ ক্লাবত ভেকচিন প্ৰদান কাৰ্যসূচী উদ্বোধন কৰে অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ নলিনী কান্ত বৰ্মনে ৷

নলবাৰী জিলা প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ব্ৰজেন তালুকদাৰে আঁত ধৰা আৰু সভাপতি কমলেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত জিলা প্ৰতিষেধক বিষয়া ডাঃ হেমন্ত কুমাৰ দাসে ক'ভিড ভেকচিন সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়৷ অনুষ্ঠানটোত জিলা প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক এম মহিবৰ ৰহমান, মনোজ শৰ্মা, ডেপুটি ডি ই এম অ' প্ৰশান্ত চৌধুৰী, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা ক'ভিড যোদ্ধা গীতা মজুমদাৰ, গোপাল দেৱ নাথ আৰু কৰৱী বৰ্মন উপস্থিত থাকে৷ সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ সদস্য সকলৰ ক'ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰে৷ আনহাতে একেদিনাই নলবাৰী প্ৰেছ ক্লাবতো সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ সদস্যক ভেকচিন প্ৰদান কৰা হয়৷।

Your Comments