#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ মেঃ
মাৰত্মক ক'ৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সান্ধ্য আইন আৰু এছঅ'পি'ৰ সময়ছোৱাত নৱ-গঠিত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যৰ সকলোবোৰ পঞ্চায়ত এলেকাত ছেনিটাইজেচন আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাইও সমষ্টিটোৰ পঞ্চায়তসমূহত ছেনিটাইজেচন কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈ পৰে পঞ্চায়তসমূহ।
আজি নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাজোলস্থিত পূব বনভাগ গাঁও পঞ্চায়তৰ উদ্যোগত অগ্নিনিৰ্বাপক বিভাগে পঞ্চায়তখনৰ বিভিন্ন ঠাইত চেনিটাইজ কৰে।দলুৱা বিষ্ণুজ্যেতি হাইস্কুল,হৰিমন্দিৰ,বাৰঘৰীয়া গোপাল থান,পূব বনভাগ গাঁও পঞ্চায়ত,বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কাৰ্যালয়,কৃষি বিভাগৰ কাৰ্যলয়,বৰাজোলস্থিত পঞ্জাৱ নেচনেল বেংক,বৰাজোল হাইস্কুল,ছোৱালী হাইস্কুল,মাদ্ৰাছা,বৰাজোল চ'ক,সাপ্তাহিক বজাৰ,বৰাজোল ডাকঘৰৰ উপৰি বিভিন্ন ৰাজহুৱা তথা চৰকাৰী -বেচৰকাৰী অনুষ্ঠানসমুহৰ চৌহদৰ লগতে একাংশ জনবসতিপূৰ্ণ অঞ্চলত পুৱাৰ পৰা আবেলিলৈ বিশুদ্ধিকৰণ কৰে।
বিশুদ্ধিকৰণ কাৰ্যসূচী পূব বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী,সচিব কৰুণা কলিতাৰ লগতে বিজেপিৰ দলৰ নেতা-কৰ্মীয়ে সহায়োগ কৰে।
- Log in to post comments
- 12 views