কলিয়াবৰৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ জীয়া কাহিনী...

Pic

*ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে*

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ এগৰাকী ব্যক্তিৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী । তেওঁৰ নাম দুৰ্লভ দাস,বয়স প্ৰায় ৫১ বছৰৰ ওচৰা-ওচৰি।এইগৰাকী ব্যক্তিয়ে চাইকেল মেৰামতি কৰিয়েই জীৱন যুদ্ধত অৱতীৰ্ণ হৈ আহিছে। 

ঘৰ বুলিব নোৱাৰি। জুপুৰী সদৃশ এটা ভঙা কোঠালিতে চাইকেল মেৰামতি কৰাৰ লগতে সেই একেটা কোঠালিতে তেওঁ ৰন্ধা-বঢ়া কৰি খাই আৰু শুৱে। দুখ¸কষ্টৰ মাজৰে এনেকৈয়ে জীৱন সংগ্ৰাম চলাই নিছে দুৰ্লভ দাসে। 

শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম দুৰ্লভ দাসে আজিলৈকে চৰকাৰী ৰেচন নাপালে।আনকি তেওঁ চৰকাৰী কোনোধৰনৰ সা-সুবিধাই এই পৰ্যন্ত নাপালে।

Pic

বৰদেউতাকৰ সৈতে আছিল যদিও যোৱা ৬ টা বছৰে অকলেই নিঠৰুৱা দুৰ্লভ দাসে এই ভঙা পঁজাটোতে থাকি জীৱন সংগ্ৰাম চলাই নিছে।

ওচৰ-চুবুৰীয়াই কেতিয়াবা দুবেলা-দুমুঠি দিয়ে যদিও প্ৰায়খিনি সময়ত লোকজনে নিজেই কষ্ট কৰি জীৱন সংগ্ৰাম কৰি গৈছে তেওঁ।

ক'ৰ'নাৰ এই পৰিস্থিতিত তেওঁ বাৰুকৈয়ে বিপদত পৰিছে।চাইকেল মেৰামতি কৰিবলৈও মানুহ নহা হৈছে।ইফালে,চাইকেল মেৰামতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈও তেওঁৰ হাতত নাই এতিয়া জমা ধন।

চৰকাৰক অনুৰোধ কৰিছে¸ তেওঁক যাতে চৰকাৰী আঁচনিসমূহৰ যোগেদি দুবেলা-দুমুঠি খোৱাৰ ব্যৱস্থা কৰি দিয়ে।তাৰ বাবে আশাৰে বাট চাই ৰৈছে।

Your Comments