#নুৰুল ইছলাম,চানডুবি:
সোমবাৰে পুৱাৰ ভাগত পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হানাপাৰত এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ কৰা হয় ৷ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ লোহাৰঘাটৰ নিকটৱৰ্তী কাৱাচিং পাহাৰৰ সমীপত প্ৰায় ৩/৪ বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালিটো পুৱাৰ ভাগত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷
ইফালে, স্থানীয় লোকে জনোৱা মতে ওচৰতে থকা বিল এখনলৈ নিশা বনৰীয়া হাতীৰ জাক গা-ধুবলৈ আহে ৷ পিছে পুৱতি নিশা উভতি যোৱাৰ সময়ত হাতীৰ জাকটোৱে পোৱালিটোক আক্ৰমণ কৰি পাহাৰৰ ওপৰৰ পৰা তললৈ বগৰাই দিয়াত এনেদৰে পোৱালিটো আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰে স্থানীয় গঞাই ৷
আনহাতে, স্থানীয় লোকৰ তৎপৰতাত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ তথা বনবিষয়া দীপন ডেকাৰ নেতৃত্বত বনবিভাগৰ লোকসকল উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা পোৱালিটোক চিকিৎসা প্ৰদান কৰাৰ উপৰি সোনকালে পোৱালিটো আৰোগ্য হৈ উঠিব বুলিও আশা প্ৰকাশ কৰিছে সকলোৱে ৷
- Log in to post comments
- 2 views