বকোৰ পৰা বিষ্ণু ৰাম দাস:
ৰাজ্যৰ এটি বিয়াগোম বিভাগ হৈছে কৃষক সমাজক উপকৃত তথা কৃষকৰ বিকাশৰ বাবে আঁচনি প্ৰস্তুত কৰা বিভাগ ভূমি সংৰক্ষণ বিভাগ। এই ভূমি সংৰক্ষণ বিভাগৰ কামৰূপ জিলাৰ বকোস্থিত আঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ মালীবাৰী সত্ৰৰ পূব খণ্ডৰ মন্দিৰা এন চি গাঁৱৰ জলজলী নদীৰ পাৰৰ খহনীয়াৰ দৃশ্য অতি ভয়ঙ্কৰ। প্ৰতিটো দিনে চপৰা চপৰে খহাই অঞ্চলটোৰ কৃষকৰ সম্পত্তি ধ্বংস কৰি আহিছে। তৎস্বতেও কাণষাৰ নাই বিভাগটোৰ দায়িত্ববাহী বিষয়া- কৰ্মচাৰীৰ।
দেওবাৰে বকোৰ সাংবাদিকৰ দল এটিয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰাত দেখা গ'ল যে জলজলী নদীৰ পাৰ খহাই শতাধিক কৃষক পৰিয়ালৰ জীৱন-সম্পত্তি ধ্বংস কৰিছে। এই বিষয়ে শতাধিক পৰিয়ালে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসক আবেদন- নিবেদন কৰাৰ পিছতো কোনো সুফল নাপালে আৰু চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ জিলা কাৰ্য্যালয়ৰ বিষয়া,বকো আঞ্চলিক এলেকাৰ কাৰ্য্যালয় বিষয়াক বহুবাৰ লিখিত অথবা মৌখিক আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। উল্লেখ্য যে অঞ্চলটোৰ অৰ্ধশতাধিক পুৰুষ,মহিলা তথা কৃষকে তেওঁলোকৰ মনৰ বেদনা দুখেৰে সাংবাদিকৰ আগত প্ৰকাশ কৰি নৱ গঠিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰীক সমস্যাটোৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
- Log in to post comments
- 17 views