#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ,২৩ মে':
জলসম্পদ বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে প্ৰথমবাৰৰ বাবে পিয়ুষ হাজৰিকাই কলিয়াবৰৰ হাতীমূৰালৈ আহি আজি কলং বোৱতীকৰণ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সাংবাদিকৰ আগত কয় যে কলংখন নগাঁও মৰিগাঁও জিলাবাসীৰ সকলোৰে প্ৰাণৰ। মই ৰহা সমষ্টিৰ বাসিন্দা হিচাপে ময়ো কলংখনৰ সৈতে জড়িত। সৰুৰে পৰা কলঙৰ পাৰতে ডাঙৰ-দীঘল হোৱা হেতু ক'ব পাৰোঁ যে কলংখনৰ দুটা চৰিত্ৰ আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে হাতীমূৰাৰ পৰা ৰহাৰ হাৰিয়ামুখলৈকে কলংখনৰ এটা চৰিত্ৰ আৰু সিমূূৰে ব্ৰহ্মপুত্ৰত সংলগ্ন হোৱা কাজলিমুখলৈকে কলংখনৰ আন এটা চৰিত্ৰ আমি দেখা পাওঁ। তেওঁ কয় যে কলিয়াবৰত কলং নাইকিয়া হ'ল,আকৌ সিপিনে চন্দ্ৰপুৰলৈকে প্ৰতি বছৰে কলঙৰ ব্যাপক গৰাখহনীয়া সৃষ্টি হয়। কলিয়াবৰত কলঙৰ পানী বোৱাই নিবৰ বাবে কলঙৰ বুকু খান্দিব লগা হৈছে,সিপিনে কলঙৰ পাৰত ভেটা দি কৃষিভূমি ৰক্ষা কৰিব লগা হৈছে। কলঙৰ এই দুটা চৰিত্ৰ কিয় হয়,তাকলৈ বিশ্লেষণৰ প্ৰয়োজন আছে বুলিও তেওঁ দোহাৰে।
বিগত কালৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জলসম্পদ বিভাগটোক বহুখিনি আগুৱাই নিয়া বুলি উল্লেখ কৰি কেশৱ মহন্তই কোৱা এটি কথাৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে কোনো সভ্য মানুহে নদীৰ মুখ বন্ধ হোৱাটো নিবিচাৰে। তেওঁ কয় যে আগৰ সময়ত যি হ'ল হ'ল,কিন্তু এতিয়াৰ মানুহে চিন্তা কৰিছে কলংখনকো বচাব লাগিব আৰু নগাঁওবাসীকো বচাব লাগিব।
মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে ব্ৰহ্মপুত্ৰৰ পানী হাতীমূৰাৰ পৰা কলঙেৰে বোৱাই নিবলৈ হ'লে ইয়াৰ পৰা ২৮ কিলোমিটাৰ দূৰৰ মিছিলৈকে কলঙৰ বুকু খান্দিব লাগিব।আৰু সিফালে ৰহা সমষ্টিত কলঙৰ ব্যাপক গড়াখহনীয়া ৰোধৰ কাম কৰিব লাগিব। তেওঁ লগতে আৰু কয় কলং বোৱতীকৰণ প্ৰকল্পৰ বাবে বিগত চৰকাৰে ১৩৫ কোটি টকাৰ প্ৰাককলন তৈয়াৰ কৰা হৈছিল যদিও সেই ধনৰ মাত্ৰ চাৰি ভাগৰ এভাগহে মোকলাই দিয়া হৈছিল। তিনিখন শ্লুইছ গেট নিৰ্মাণৰ জৰিয়তে কৰা এই কাম তিনি-চাৰি মাহৰ ভিতৰত শেষ কৰা কাম নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমি বছৰত মাত্ৰ কাম কৰিবলৈ চাৰি মাহ সময় পাওঁ। সেয়ে অহা দুটা বছৰৰ ভিতৰত কলং বোৱতীকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ ব্যাপক চেষ্টা চলাব বুলি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। ইফালে হাতীমূৰাৰ কলঙৰ খনন আৰু উজ্জীৱিতকৰণ প্ৰকল্পৰ কামৰ বুজ লোৱাৰ সময়ত জলসম্পদ মন্ত্ৰীগৰাকীক সংগ দিয়ে কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে।
- Log in to post comments
- 62 views