#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সমগ্ৰ দেশতে এতিয়া কোভিডৰ ত্ৰাস। ক'ৰণা মহামাৰিৰ মৃত্যুৰ কিৰিলিৰ মাজতে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছিস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত এটি সজাঁঁটি দলে পৰিদৰ্শন কৰে । যোৱা ২১ মে'ত এগৰাকী কোভিড ৰোগীয়ে সামাজিক মাধ্যমত চিকিৎসালয়খনৰ বৈষয়িক দিশত ওপৰত কেতবোৰ গুৰুতৰ অভিযোগ তোলা প্ৰত্যক্ষ কৰিয়েই আজি সঁজাতি দলটোৱে পুৱাৰ ভাগত চিকিৎসালয়খনত উপস্হিত হয় । প্ৰায় ৪৫ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালখনত উপস্হিত হৈ সজাঁঁতি দলটোৱে অধীক্ষক ডা: শৈলেন্দ্ৰ ঠাকুৰীয়া , মডেল বিষয়া ডা: আনোৱাৰ হুছেইনৰ লগতে আন আন চিকিৎসক- কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ কেতবোৰ জলন্ত সমস্যা যেনে -কোভিড ৰোগীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা , ৰোগী অনুপাতে চিকিৎসক ,নাৰ্চ, পেৰামেডিকেল ষ্টাফৰ সমস্যা , প্ৰয়োজন অনুপাতে স্নানাগাৰৰ সমস্যা , শৌচালয় , প্ৰশ্বাৱগা্ৰ সমস্যা, ৰোগীৰ খাদ্য সমস্যা আদিৰ বিষয়ে অবাগত হয় । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে এখন আদৰ্শ চিকিৎসালয়ত ৰোগী অনুপাতে চিকিৎসক , নাৰ্চ, কৰ্মচাৰী নথকাটো অতি দুৰ্ভাগ্যজনক বুলি মত পোষণ কৰে । এগৰাকী কোভিড ৰোগীয়ে চিকিৎসালয়খনৰ ফঁপোলা স্বৰূপ দাঙি ধৰাতো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে অতি লাজৰ বিষয় বুলি তেওঁ কয় । চিকিৎসালয়খনত ৩৫ গৰাকীৰো অধিক কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ পাছতো চিকিৎসালয়খনৰ বৈষয়িক দিশটো জিলাখনৰ স্বাস্হ্য বিভাগে এতিয়ালৈকে পৰ্যবেক্ষণ নকৰা কাৰ্য অতি গৰিহণা যোগ্য বুলি ছাত্ৰ নেতাজনে কয় । আনহাতে, জিলাখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰ্চেনিকযুক্ত পানীৰ সম্ভেদ পোৱাৰ পাছতো কি দৰে এখন আদৰ্শ চিকিৎসালয়ৰ কোভিড ৰোগীসকলক আইৰণ যুক্ত পানী দি পানীৰ নামত বৰ বিষ খুৱাই আছে বুলি তেওঁ স্বাস্থ্য বিভাগক প্ৰশ্ন কৰে।
ছাত্ৰ নেতাগৰাকীয়ে অতিশীঘ্ৰে চিকিৎসালয়খনত দেখা দিয়া চিকিৎসাজনিত সমস্যাৰ লগতে বৈষয়িক সমস্যাসমুহ সমাধান কৰাৰ বাবে জিলা উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালকক দাবী জনাইছে । আজিৰ এই দলটোৰ পৰিদৰ্শনৰ সময়ছোৱাত সজাঁঁটি দলটোত অংশ গ্ৰহন কৰে নলবাৰী
জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতা, সাগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, সমাজকৰ্মী বাবুল বসুমতাৰীৰ লগতে পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ।
- Log in to post comments
- 12 views