অখিল গগৈক শপত গ্ৰহণ অনুষ্ঠানলৈ ঠেলি-হেঁচি তথা ক'ভিড প্ৰট'কল উলংঘা কৰি নিয়া কাৰ্যক 'আমছু'ৰ গৰিহনা

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক,২১ মে': 

কাৰাৰূদ্ধ কৃষক নেতা তথা সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা অখিল গগৈক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা জে'ল কৰ্তৃপক্ষই বিধানসভাৰ মজিয়ালৈ শপত গ্ৰহণ অনুষ্ঠানলৈ নিয়াৰ সময়ত ক'ভিড প্ৰট'কল উলংঘা কৰি ঠেলি-হেঁচি আৰক্ষীৰ বেষ্টনীত নিয়া কাৰ্যক গণতন্ত্ৰৰ পৰিপন্থী বুলি আখ্যা দি তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহনা দিছে 'আমছু'ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

আমছুৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আদালতে অখিল গগৈক শপত গ্ৰহণ কৰিবলৈ বিধানসভাৰ মজিয়ালৈ লৈ যোৱাৰ বাবে নিৰ্দেশনা দিছে ৷গতিকে তেওঁক সুস্থ পৰিৱেশত ক'ভিড প্ৰট'কল মানি লৈ যাব লাগিছিল ৷ কাৰণ তেওঁ দীৰ্ঘদিন কাৰাগাৰ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে আছে ৷ তেওঁ কতো পলাই নাযায় ৷ তেওঁ বৰ্তমান এজন জনপ্ৰতিনিধি৷ ৰাইজে আস্থা প্ৰকাশ কৰি তেওঁক ভোট দি নিৰ্বাচিত কৰিছে ৷ তেনে ক্ষেত্ৰত ৰাইজৰ আস্থা আৰু বিশ্বাসলৈ চাই চৰকাৰ বা চৰকাৰৰ আৰক্ষী বাহিনীয়ে তেওঁক সেইখিনি সন্মান দিব লাগিছিল ৷ কিন্তু তেওঁক সেই সন্মান নিদি ঠেলি-হেঁচি যিদৰে পৱিত্ৰ বিধানসভাৰ মজিয়ালৈ লৈ যোৱা হ'ল, এই কাৰ্যক আমি তীব্ৰভাবে নিন্দা কৰিছো আৰু গৰিহনা দিছোঁঁ ৷ লগতে অখিল গগৈক কিয় এইদৰে টনা-আজোৰা কৰি বা ক'ভিড প্ৰট'কল মানি কিয় লৈ যোৱা নহ'ল তথা তেওঁৰ অধিকাৰ কিয় খৰ্ব কৰা হ'ল এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত এক উচ্চস্তৰীয় তদন্ত দাবী কৰে ৷

সেইদৰে যিসকল বিষয়াই তেওঁক তেনেকৈ লৈ গৈছে,তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আমছুৰ সভাপতিগৰাকীয়ে দাবী জনায় ৷

 

Your Comments