বানপানীত ক্ষতিগ্ৰস্ত দমদমা-ডিমু গড়কাপ্তানি পথৰ বৰম্বৈ পাহাৰৰ সমীপৱৰ্তী অংশৰ আজিও নহ'ল মেৰামতি

Pic

*দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰৱল*

#বিশেষ প্ৰতিবেদক,হাজো:

তীৰ্থনগৰী হাজো সংযোগী দমদমা-ডিমু- ৰঙিয়া গড়কাপ্তানি পথটো অতি ব্যস্ত পথ। এই পথটো তীৰ্থনগৰী হাজোৰ সৈতে সংযোগৰ অতি উত্তম আৰু চমু পথ হিচাপে চিহ্নিত হৈ আহিছে উত্তৰ-পূব হাজোবাসীৰ লগতে কমলপুৰ, ৰঙিয়াবাসীৰ। কিন্তু পুঠিমাৰী নদীৰ প্ৰলংকাৰী বানে যোৱাটো বাৰিষাত পথটোৰ বৰম্বৈ পাহাৰৰ সমীপৰ পৰা প্ৰায় এক কিলোমিটাৰ পথ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। এবছৰ অতিক্ৰম কৰাৰ পিছতো বিভাগীয়ভাৱে পথচোৱা মেৰামতিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ ফলত বিপদসংকুলভাৱে পথচোৱাৰে সৰ্বসাধাৰণ ৰাইজে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে।

বাৰিষাৰ পূৰ্বে পথচোৱাৰ পুনৰ্নিমাণ অথবা মেৰামতি নকৰিলে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। স্থানীয় ৰাইজে অতিশীঘ্ৰে পথচোৱাৰ পুনৰ্নিমাণ অথবা মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

Your Comments