প্ৰয়াত সাহিত্যক, সাংবাদিক, চিন্তাবিদ হোমেন বৰগোহাঞিৰ নামত নামাকৰণ হ’ব নাৰেংগী- চন্দ্ৰপুৰ- মৰিগাঁও সংযোগী বিশেষ পথটো। ৫০ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো প্ৰয়াত বৰগোহাঞিৰ নামত উচৰ্গা কৰাৰ কথা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।
উল্লেখ্য যে পোষ্ট ক’ভিডত আক্রান্ত হৈ একসপ্তাহৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছিল বৰগোহাঞিয়ে।
অসমীয়া সাহিত্য জগতত এক বৃহৎ অৱদান আগবঢ়াই যোৱা বিশিষ্ট সাহিত্যিক গৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে তাৎক্ষণিক ভাৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সম্বোধন কৰা সংবাদমেলত ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিত আশাৰ ৰেঙনি দেখা বুলিও মন্তৱ্য প্ৰকাশ কৰে শৰ্মাই।
আনহাতে বৰ্তমান সময়লৈকে ৰাজ্যৰ ৩৫লাখ ব্যক্তিক ক’ভিড ভেক্চিন প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে।৪৫ বছৰৰ ঊৰ্ধৰ নাগৰিকক কেন্দ্ৰীয় চৰকাৰে ভেক্চিন যোগান ধৰাৰ বিপৰীতে ১৮ বছৰৰ ঊৰ্ধৰ সকলক ৰাজ্য চৰকাৰে যোগান ধৰিছে ভেক্চিন।তাৰ বাবে চৰকাৰক প্ৰয়োজন ৬০০ পৰা ৮০০ কোটি টকা।মুখ্যমন্ত্ৰী গৰাকীয়ে ভেক্চিন ক্ৰয় কৰাৰ বাবে আৰোগ্য নিধিত জমা হৈ থকা ১১৯ কোটি টকা ব্যয় কৰি থকাৰ কথাও জানিবলৈ দিয়ে।লগতে ৰাজ্যবাসীক আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিত সামৰ্থ অনুসৰি বৰঙণি আগবঢ়োৱাৰো আহ্বান জনায় ভেক্চিন ক্ৰয়ৰ বাবে।
ইফালে অসম আৰোগ্য নিধিলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকা আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
- Log in to post comments
- 15 views