পৰেশ বৰুৱালৈ আহ্বান: অইল-অএনজিচিৰ দায়িত্ব মই লৈছোঁ, ৰিতুল শইকীয়াক এৰি দিয়ক- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

HBS

আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান- অইল-অএনজিচিক অসমৰ বাবে কাম কৰোৱাৰ দায়িত্ব মই লৈছোঁ, আপুনি ৰিতুল শইকীয়াক এৰি দিয়ক।মুখ্যমন্ত্ৰী,চৰকাৰী, ৰাষ্ট্ৰৰ  দম্ভ অহংকাৰেৰে নহয় বিনম্র ভাৱে আহ্বান জনাইছোঁ'।

পৰিয়ালটোক দুদিন পূৰ্বে সাক্ষাৎ কৰি যিখিনি কথা বুজিলো বহুত কষ্টৰে পৰিয়ালটোৱে দিন পাৰ কৰিছে।বহুত কষ্ট-ত্যাগৰ ফলত ২০১৬ চনত অএনজিচিৰ নিম্নবৰ্গৰ সহায়ক হিচাপে যোগদান কৰিছিল ৰিতুলে।মুখ্য সেনাধ্যক্ষ গৰাকীক উদেশ্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-'আপুনি ৰিতুলৰ ঘৰখনলৈ আহিলে আপোনাৰো চকুপানী নিগৰি আহিব।তেওঁৰ অপহৰনত অইল-অএনজিচিয়ে কিবা কাম কৰিব তেনে নহয়।অএনজিচি- অইলক কাম কৰাবলৈ ৰাজ্য চৰকাৰে আলোচনা কৰিব'।

অসমৰ বিকাশত অইল স্থবিৰ হ’লে জটিলতা আহি পৰিব।অইল খণ্ডৰ পৰা বছৰি ১৪ হাজাৰ কোটিৰো অধিক টকা ৰয়েলিটি হিচাপে অসমে লাভ কৰি আহিছে।অইল খণ্ডৰ ওপৰত আক্ৰমণ চলিলে ৰাজ্যৰ মেৰুদণ্ড ভাগি যাব'।

বিগত কিছুদিন ধৰি টেলিভিচন মাধ্যমত আলফা মুৰব্বী গৰাকীয়ে ধনাত্মক মন্তব্য কৰা বুলি উল্লেখ কৰি তেওঁ আহ্বান জনায় - ৰিতুল শইকীয়াৰ মুক্তিৰে সদিচ্ছাৰ বাতাবৰণ সৃষ্টি কৰক।সদিচ্ছাৰ বাতাবৰণেৰে বহুদূৰ আগবাঢ়িব পাৰিম'।

অইল-অএনজিচিক কাম কৰোৱাৰ দায়িত্ব মই লৈছোঁ।তাৰ বাবে ৰিতুল শইকীয়াক বন্দী কৰি থোৱাৰ প্ৰয়োজন নাই- মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয়।

Your Comments