#বকোৰ পৰা বিষ্ণু ৰাম দাস:
ক'ৰ'না অতিমাৰীয়ে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক সজাগ আৰু সচেতন হ'বলৈ জাৰি কৰিছে কোভিড প্ৰ'টকলৰ নতুন নীতি-নিৰ্দেশনা। চৰকাৰৰ কোভিড প্ৰট'কলৰ নতুন নীতি- নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ' পিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। চৰকাৰৰ নতুন এছ অ' পি মৰ্মে গ্ৰামাঞ্চলত দিনৰ ১ বজাৰ পৰা দোকান- পোহাৰ,বজাৰ বন্ধ। লগতে, দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হৈছে।ৰাষ্ট্ৰীয় ঘাইপথতো যাতায়ত বন্ধ হৈ পৰিছে।চৰকাৰৰ এই নীতি-নিৰ্দেশনাই কামৰূপ জিলাৰ বকোত ত্ৰাহি মধুসূধন সোঁৱৰাইছে খুচুৰা বিক্ৰেতা,ঠেলা-ৰিক্সা, অটো,ই-ৰিক্সা,মেজিক গাড়ী চালক, পদপথত শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ লোক তথা দিন হাজিৰা কৰা বনুৱাসকলক। বৃহত্তৰ অঞ্চলটোত এনে বহু সহস্ৰাধিক পৰিয়াল আছে যিসমূহৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। নিৱনুৱা সমস্যাৰে জৰ্জৰিত বকোৰ বহুসংখ্যক পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয়। তৎস্বত্বেও কামৰূপ জিলাৰ বকোত ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড প্ৰট'কল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে জনসাধাৰণে। এই ক্ষেত্ৰত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ তৎপৰতা প্ৰদৰ্শন কৰিছে। উল্লেখ্য যে চৰকাৰে জাৰি কৰা নতুন এছ অ' পিখনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ বকোবাসীক আহ্বান জনাইছে অ' চি সঞ্জিত কুমাৰ ৰয়।
সম্প্ৰতি বৃহত্তৰ বকোবাসীয়ে ৰাজ্য চৰকাৰৰ কোভিড প্ৰ'টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।অৱশ্যে,সচেতন নাগৰিকসকলৰ মতে দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ বাধ্য কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ চ'ৰা দামে তেওঁলোকক জীয়াতু ভোগাইছে। এই ক্ষেত্ৰত চৰকাৰেও জনমুখী ব্যৱস্থাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ ভয়ংকৰ বিপদত পৰিব।কাৰণ আয় হলেহে ব্যয় কৰিব। যদি আয়ৰ বাবে সময় নাপায়,ব্যয় কৰিব কিহৰ পৰা ? ইফালে পৰিয়াল পোহ-পাল দিবলৈ ব্যয় নিয়মীয়াকৈ কৰিবই লাগিব। এনে সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় বকোৰ সামাজিক অনুষ্ঠান চিলাৰায় জনকল্যাণ সমিতিৰ বিষয়ববীয়াসকলে।
- Log in to post comments
- 7 views