হাজোত ক্ৰমশঃ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা 

*পুনৰ ২ জনৰ মৃত্যু আৰু ক'ভিড জয় কৰি আহি মৃত্যু এজনৰ:মুঠ আক্ৰান্ত ৬৫২ গৰাকী*
* ৪১ গৰাকী পজিটিভ চিনাক্ত*

#বিশেষ প্ৰতিবেদক,হাজো:

দেশ তথা ৰাজ্যজুৰি মহামাৰী ক'ভিডৰ দ্বিতীয়টো লহৰে এক বিভীষিকাময়  ৰূপ লোৱাৰ সমান্তৰালকৈ ক্ৰমশঃ মৃত্যু তথা আক্ৰান্তৰ সংখ্যা বাঢ়ি আহিছে কামৰূপ জিলাৰ অন্তৰ্গত হাজোত। ক'ভিডৰ দ্বিতীয় লহৰে ইতিমধ্যে ছয়টাকৈ পৰিয়ালৰ মাজলৈ কাল অমানিশা কঢ়িয়াই অনাৰ পিছত ১৬ মে'ৰ নিশা পুনৰ দুজন ক'ভিড আক্ৰান্তই মৃত্যুক সাৱতি লোৱাৰ লগতে অন্য এগৰাকীয়ে এসপ্তাহ পূৰ্বে ক'ভিড জয় কৰি চিকিৎসালয়ৰ পৰা বিদায় লৈ আহি ১৭ মে'ত মৃত্যুক আকোৱালি লয়। ক'ভিড আক্ৰান্ত হৈ ১৬ মে'ৰ নিশা মৃত্যুক আকোৱালি লোৱা দুয়োগৰাকী মহিলা। মৃত মহিলা দুগৰাকী হাজো- বৰাহটোলাৰ ৰোহিণী বালা দাস(৮৬) আৰু মোখনীয়াৰ চাইফুন নেচা(৫২) বুলি জানিব পৰা গৈছে।

ইফালে, এসপ্তাহ পূৰ্বে চিকিৎসালয়ৰ পৰা ক'ভিড জয় কৰি নিগেটিভ অৱস্থাত মৃত্যুক আকোৱালি লয় হাজো-মাজৰচুবাৰ হৰ কুমাৰ দাসে(৬৫)। চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা ক'ভিড প্ৰট'কল অমান্য কৰি এতিয়াও একাংশ লোকে মাস্ক পৰিধান নকৰি সামাজিক দূৰত্ব ভেঙুচালি কৰি ৰাজপথ, চ'ক-বজাৰ, হোটেলত বিনা কাৰনতে টিঘিলঘিলাই অন্য একাংশ সচেতন লোকৰ বাবেও বিপদ মাতি আনিছে। সেই সকল অসচেতন লোক এতিয়া সম্পূৰ্ণ সচেতন হ'বৰ অন্তিম সময় আহি পৰিছে। কিয়নো হাজোৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে-প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত তথা মৃতকৰ সংখ্যা।

হাজো মহকুমা স্বাস্থ্য বিষয়া গৌৰাঙ্গ দাসৰ পৰা পোৱা তথ্য মতে,ক'ভিডৰ দ্বিতীয় লহৰত হাজো স্বাস্থ্য খণ্ডৰ এলেকাত ইতিমধ্যে ৬ গৰাকীকৈ লোকে মৃত্যুক আকোৱালি লোৱাৰ পিছত পুনৰ দুজনৰ মৃত্যু হোৱাৰ লগতে অন্য এজনে ক'ভিড জয় কৰি চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ উভতি মৃত্যু মুখত পৰে।

ইতিমধ্যে স্বাস্থ্য খণ্ডৰ এলেকাধীন অঞ্চল সমুহত এতিয়ালৈকে প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোকক ক'ভিড ভেকচিন দিয়া হৈছে আৰু ৬৫২ গৰাকী ব্যক্তিৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। এই আক্ৰান্তসকলৰ একাংশ ব্যক্তিক হোম কোৱাৰেন্টাইন কৰি বিভাগীয় ভাৱে পৰ্য্যবেক্ষণত ৰাখিছে। ইফালে, ৰামদিয়াৰ লহকৰপাৰা চুবুৰীত প্ৰায় ডেৰ কুৰি গৰাকী ব্যক্তি ক'ভিড পজিটিভ চিনাক্ত হোৱাত অঞ্চলটোত দ্ৰুত গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীটোক ইতিমধ্যে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰিছে।

Your Comments