বঙাইগাঁও জিলাত হ্ৰাস পাই আহিছে ক'ভিড আক্ৰান্ত ব্যক্তিৰ সংখ্যা

*জিলাখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৫৮০ জন* #বঙাইগাঁৱৰ প্ৰতিবেদক: বঙাইগাঁও জিলাত ক'ৰ'নাৰ সংক্ৰমণ অব্যাহত থকাৰ লগতে দৈনিক মৃত্যু হৈ আছে ক'ৰ'নাত আক্ৰান্ত ব্যক্তিৰ ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জিলাখনত শনিবাৰে পুনৰ নতুনকৈ ৮৩ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰিছে ৷ সেইদৰে মৃত্যু হৈছে দুজন ব্যক্তিৰ ৷ ব্যক্তি দুজনৰ বঙাইগাঁও চহৰৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত ব্যক্তি দুজন বঙাইগাঁৱৰ দেউৰীপাৰাৰ ৰামকৃষ্ণ দাস(৬৭) আৰু নতুনপাৰা এলেকাৰ আশুতোষ চক্ৰৱৰ্তী (৭২) ৷ আনহাতে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৩৮ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত শুকুৰবাৰলৈ ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৩৫ জন আছিল যদিও শনিবাৰে হ্ৰাস পাই ৫৮০ জন হৈছে ৷ সেইদৰে জিলাখনত শনিবাৰে মুঠ ৪৯১৬ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা শনিবাৰলৈ ক'ভিডত আক্ৰান্ত মুঠ ব্যক্তিৰ সংখ্যা ১,৯২৪ জন ৷

Your Comments