বঙাইগাঁৱৰ স্বাগত হাস্পতালত প'জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান 

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক,১২ মে':

ক'ৰ'নাৰ ব্যাপক সংক্ৰমণৰ মাজতে এটা ভাল খবৰ আহিল বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালৰ পৰা ৷ হাস্পতালখনত বুধবাৰে এগৰাকী প'জিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি নিগেটিভ সন্তান ৷ উল্লেখ্য যে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতালত এগৰাকী ক'ভিড পজিটিভ গৰ্ভৱতী মহিলাক হাস্পতালখনৰ প্ৰসূতী ৰোগ বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি নিগেটিভ বুলি জানিব পৰা গৈছে ৷

Pic

উল্লেখ্য যে ক'ভিড ৰোগৰ বাবে আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ,আছুতীয়া আই চি ইউৰ ব্যৱস্থা কৰা হয় ৷ যিটো সকলো হাস্পতালৰ বাবে সম্ভৱ নহয়। ব্যক্তিগত খণ্ডৰ হাস্পতালৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ৷আনহাতে,মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কাৰ্যত জড়িত হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলো ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ ৷  

 

Your Comments