কলিয়াবৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰত দৈনিক বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা।

ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং নিৰ্মাণত নিয়োজিত কলিয়াবৰৰ চুলুংস্থিত গেমন কোম্পানিত আৰম্ভ হৈছে গন সংক্ৰমন। 

কোম্পানিটোত নিয়োজিত ১১জনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

তাৰ পিছতেই চুলুংস্থিত গেমন কোম্পানিৰ চৌহদৰ লগতে টেঞ্জ ৱাটাৰ পাৰ্ক কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা প্ৰশাসনৰ।

কোম্পানি তথা কোম্পানিৰ আৱাসিক অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিলে কলিয়াবৰ প্ৰশাসনে।

উল্লেখ্য যে আজি কৰা টেষ্টত গেমনৰ আৰু ২জন কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। আক্ৰান্ত ২ গৰাকী ব্যক্তিয়ে কোভিড প্ৰতিষেধক লৈছিল বুলি জানিব পৰা গৈছে।

Your Comments