নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব হোমেন বৰগোহাঞিৰ

Homen Borgohain

সাহিত্যিক হোমেন বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব।এই কথা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী ডাঃ ৰনোজ পেগুক নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী শৰ্মাৰ।

উল্লেখ্য যে নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব প্ৰয়াত বৰগোহাঞিৰ শেষকৃত্য।

Homen Borgohain

আনহাতে বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ পৰিছে। বিভিন্ন মাধ্যমত তেওঁৰ আত্মাৰ সদ্‌গতি কামনাৰে প্ৰাৰ্থনা জনাইছে গুণমুগ্ধ সকলে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰপৰা আৰম্ভ কৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে।

Your Comments