#বঙাইগাঁৱৰ প্ৰতিবেদক, ৯ মেঃ
মাতৃ দিৱস উপলক্ষে আজি
বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা একৈশ গৰাকী মানসিকভাৱে অসুস্থ মহিলা ৰোগীক 'সেৱা' নামৰ এটা এনজিঅ'ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানসিকভাৱে অসুস্থ মহিলাসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ক'ৰ:না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা তথা ইয়াৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে ৷ এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন সিংহ, সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ৰ লগতে সদস্য সুজিৎ কুমাৰ ৰায়,উত্তম ৰায় আৰু তৰালী উপাধ্যায় উপস্থিত থাকে ৷
- Log in to post comments
- 7 views