ক'ৰ'না:বঙাইগাঁও জিলাৰ সকলো সাপ্তাহিক বজাৰ বন্ধ কৰি দিলে জিলা প্ৰশাসনে

Pic

*কেইবাখনো দৈনিক বজাৰো বন্ধৰ নিৰ্দেশ*

*কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট আৰু মাইক্ৰ জ'ন ঘোষণা*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

 বঙাইগাঁও জিলাত শেহতীয়াভাৱে ক'ৰ'না মহামাৰীৰ সংক্ৰমণে দ্ৰুত ৰূপ ধাৰণ কৰাত বঙাইগাঁও জিলা প্ৰশাসনে সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিশেষকৈ ক'ৰোনাৰ এই ভয়াৱহ পৰিস্থিতিতো জিলাখনৰ বিভিন্ন অঞ্চলৰ বজাৰত ক'ভিড বিধি উলংঘা কৰি লোকে ভীৰ কৰি আহিছে ৷ সামাজিক দূৰত্ব নামানি তথা ক'ভিড বিধি উলংঘা কৰি চলি থকা এনে বজাৰৰ পৰা জিলাখনত ক'ৰোনাৰ সংক্ৰমণে অধিক ভয়াৱহ ৰূপ লোৱাৰ শংকাই দেখা দিছে ৷ এনে অৱস্থাত এই বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বঙাইগাঁও জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বঙাইগাঁওকে ধৰি জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে ৷ একেদৰে ক'ভিড বিধি উলংঘা কৰি চলি থকা জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰ , ২ নং ওচমানি বজাৰ ,বেকাৰ চ'ক বাজাৰ আৰু ২ নং বাশবাৰী দৈনিক বজাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷ সেইদৰে ক'ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ সহায়ত বঙাইগাঁৱৰ বজাৰ অঞ্চলসমূহ চেনিটাইজ কৰা আৰম্ভ কৰিছে ৷ ইপিনে,বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন অঞ্চলৰ ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত ভালেকেইটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন,মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ লগতে চৰকাৰে ক'ভিড সন্দৰ্ভত জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ বাবে উঠি- পৰি লগা দেখিবলৈ পোৱা গৈছে ৷ 


 

Your Comments