মৰিগাঁৱত দ্ৰুত গতিত বৃদ্ধি ক'ৰ'নাত আক্ৰান্তৰ  সংখ্যা

Pic

*আজি পুনৰ ২ জনৰ মৃত্যু*
*মৃত্যু সংখ্যা ৪ জনলৈ বৃদ্ধি*
*আজি নতুনকৈ ১২৯ জন আক্ৰান্তসহ মুঠ আক্ৰান্তৰ সংখ্যা ১৩৫২ জনলৈ বৃদ্ধি*
*জিলাখনৰ তিনিটা স্থানত কন্টেইমেন্ট জ'ন ঘোষণা*

#মৰিগাঁৱৰ পৰা জিতু মণি নাথ,৮ মে':

মৰিগাঁৱত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক'ৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা।তদুপৰি,ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সেই অনুসৰি আজি পুনৰ ২ জন লোক কৰ'নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোককেইজন হৈছে মৰিগাঁও জিলা জাগীৰোড থানাৰ অন্তৰ্গত ৰে'লৱে ক'লনিৰ পূৰ্ণলক্ষ্মী বিশ্বাস (৮০)আৰু আশীগড় গাগলমাৰীৰ আচিয়া খাতুন (৫০)। ইয়াকে লৈ জিলাখনত ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পায়।তদুপৰি,আজিৰ দিনটোত নতুনকৈ ১২৯ জন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পায়।ইফালে,জিলাখনত দ্ৰুত গতিত ক'ৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত জিলাবাসীক আতংকিত কৰি তুলিছে। ইতিমধ্যে জিলাখনত কিছু ঠাইত দ্ৰুত গতিত ক'ৰ'নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে  তিনিটা স্থানত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ মিকিৰভেটা থানাৰ অন্তৰ্গত চৰাইবাহী অঞ্চল, জাগীৰোড থানাৰ অন্তৰ্গত নিজৰাপাৰ আৰু কিশোৰ ক্লাব অঞ্চলক আজি জিলা প্ৰশাসনে কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি চৰাইবাহী অঞ্চলত উত্তৰে ভাৰত গেছ এজেঞ্চী,দক্ষিণে বৰভগীয়াৰ ৰাজ্যিক গড়কাপ্তানি পথৰ তিনিআলি,পূবে উজনি মূৰ নামঘৰ (কাহিবাৰী) আৰু পশ্চিমে ৰহঢলা কৈলাস মন্দিৰ অঞ্চলটোক সামৰি লৈছে কন্টেইমেন্ট জ'নে।এই নিৰ্দেশনা ৮ মে'ৰ পুৱা ৫ বজাৰ পৰা ২১ মে'ৰ পুৱা ৫ বজালৈ প্ৰযোজ্য হৈছে । জাগীৰোড থানাৰ অন্তৰ্গত নিজৰাপাৰত উত্তৰে এচ বি আই শাখা চি এচ চি,দক্ষিণে সোনাইকুছি পাহাৰ,পূবে জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু পশ্চিমে মাৰকাংকুছি অঞ্চলক সামৰি লৈছে কন্টেইমেন্ট জ'নে। এই নিৰ্দেশনা ৭ মে'ৰ বিয়লি  বজাৰ পৰা ২০ মে'ৰ বিয়লি ৫ বজালৈ প্ৰযোজ্য হৈছে । একেদৰে কিশোৰ ক্লাব অঞ্চলত উত্তৰে ৰেলৱে লাইন,দক্ষিণে ৰাষ্ট্ৰীয় ঘাই পথ,পূবে ৰেলৱে লাইনৰ স্প্ৰান মিল ক'লনি আৰু পশ্চিমে মৰিগাঁও-জাগীৰোড গড়কাপ্তানি পথৰ অঞ্চলটো সামৰি লৈছে। এই নিৰ্দেশনা ৮ মে'ৰ পুৱা ৫ বজাৰ পৰা ২১ মে'ৰ পুৱা  ৫ বজালৈ প্ৰযোজ্য হৈছে  বুলি জানিবলৈ দিছে।

 

Your Comments