বঙাইগাঁও জিলাত বৃহস্পতিবাৰে ১০৩ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ প'জিটিভ  

*মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭৮ জনলৈ বৃদ্ধি*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত ক'ৰ'নাৰ সংক্ৰমণে লৈছে ভয়াৱহ ৰূপ ৷ জিলাখনত ৬ মে'ৰ দিনটোত পুনৰ নতুনকৈ ১০৩ জনকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ জিলাখনত বুধবাৰে নতুনকৈ ৯৬ জন ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰাৰ পিছত বৃহস্পতিবাৰে ১০৩ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাতো ধৰা পৰাত বৰ্তমান জিলাখনত মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৬৭৮ জনলৈ বৃদ্ধি পালে ৷ সেইদৰে জিলাখনত বৃহস্পতিবাৰৰ দিনটোত সুস্থ হৈ উঠে ৪৭ জন ৰোগী ৷ উল্লেখ্য যে ৬ মে'ত জিলাখনত মুঠ ২,২৭৪ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ ইয়াৰ ভিতৰত ১,৭০৮ জনক ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু ৫৬৬ জনক আৰটিপিচিআৰ টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা বৃহস্পতিবাৰলৈকে ক'ভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১০৭০  জন হৈছে ৷
  

 

Your Comments