বঙাইগাঁও জিলাত ৯৬ জনৰ দেহত ধৰা পৰিল ক'ভিড ১৯ প'জিটিভ

*মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৬২২ জনলৈ বৃদ্ধি* #বঙাইগাঁৱৰ প্ৰতিবেদক,৫ মে': বঙাইগাঁও জিলাত দৈনিক বৃদ্ধি পাই আহিছে মহামাৰী ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত কেৱল বুধবাৰৰ দিনটোতে পুনৰ নতুনকৈ ৯৬ জনকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাতো ধৰা পৰিছে ৷ জিলাখনত বুধবাৰে নতুনকৈ ৯৬ জন ব্যক্তিৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত মুঠ সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৬২২ জনলৈ বৃদ্ধি পালে ৷ সেইদৰে জিলাখনত বুধবাৰৰ দিনটোত সুস্থ হৈ উঠে ৩৬ জন ৰোগী ৷ ইপিনে, ৰাজ্য চৰকাৰে দিনৰ দুই বজাৰ পৰা সকলো দোকান-পোহাৰ,বজাৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰাত বঙাইগাঁৱতো এই নিৰ্দেশ কাৰ্যকৰী হয় ৷ সন্ধিয়াৰে পৰা বাটে-ঘাটে বিৰাজ কৰে নিমাওমাও পৰিৱেশ ৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত জিলাখনত মুঠ ২০১৪ জন ব্যক্তিক এণ্টিজেণ্ট টেষ্ট আৰু আৰটিপিচি আৰ টেষ্ট কৰা হৈছিল ৷ জিলাখনত ১ মাৰ্চৰ পৰা বুধবাৰলৈ ক'ভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ৯৬৭ জন ৷

Your Comments