কালিলৈৰপৰা ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যখনৰ প্ৰাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং ইনষ্টিটিউট বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ।
ইফালে গোলাঘাট জিলাৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ বিভাষ চন্দ্ৰ মোদীয়েও চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত এই বন্ধ জাৰি থাকিব ৷ ইয়াৰ লগতে, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
- Log in to post comments
- 11 views