ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰক শুভেচ্ছা ৰাভা হাছং এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ

*কোভিড প্ৰট'কল মানি চলিবলৈ আহ্বান*

#বকোৰ পৰা বিষ্ণু ৰাম দাস:

সদ্যসমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত পুনৰ চৰকাৰ গঠনৰ বাবে জনাদেশ লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। বৰ্তমান ৰাজ্যত ৰাষ্ট্ৰীয় আৰু আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সমন্বয়ত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰক্ৰিয়াৰ সাদৰ আদৰণি জনাইছে ৰাভা হাছং এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাই।

উল্লেখ্য যে Association of Venture Educational institutions of Rabha Hasong Council Area চমুকৈ ৰাভা হাছং পৰিষদীয় এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ সভাপতি ৰঞ্জন ৰাভা আৰু সম্পাদক শান্তাৰাম ৰাভাই এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ লগতে অগপ আৰু ইউপিপিএল দলৰ নিৰ্বাচিত বিধায়কসকলক লৈ গঠন কৰিবলৈ লোৱা ৰাজ্য চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে‌।ইয়াৰ লগতে মানৱ সম্পদ গঢ়া শিক্ষানুষ্ঠানৰ সমস্যা সমাধান কৰি দেশৰ প্ৰগতিৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।

ইফালে,সমগ্ৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ পৰা জয়ী হোৱা বিধায়কসকলৰ লগতে মুঠ এশ ছাব্বিশটা বিধানসভা সমষ্টিৰ বিধায়কসকলক আন্তৰিক অভিনন্দন জনায় আৰু বিগত চৰকাৰৰ কাৰ্য্যকালত ৰৈ যোৱা কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ আহ্বান লগায়।

লগতে,ৰাভা হাছং পৰিষদীয় এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ সমস্যাসমূহ সমাধান কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়। আনহাতে,সাম্প্ৰতিক সময়ৰ আটাইতকৈ বিপজ্জনক মহামাৰী ক'ৰ'না সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড প্ৰ'টকল মানি চলিবলৈ সকলোকে অনুৰোধ জনায় আৰু নিজৰ সুৰক্ষাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায় একেটা প্ৰেছ বিবৃতি যোগে।

  

Your Comments