#নুৰুল ইছলাম,চানডুবিঃ
সম্প্ৰতি অব্যাহত থকা ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে কামৰূপ জিলাৰ অসম- মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটত মাক্স বিতৰণ কৰা হয়।ৰাভা হাছং এলেকাৰ অন্তৰ্গত লোহাৰঘাটৰ সাপ্তাহিক বজাৰত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কুলশী পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভাৰ নেতৃত্বত বৰদুুৱাৰ ভোলাগাঁঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাকে ধৰি কুলশী পৰিষদীয় সমষ্টি নিৰীক্ষণ সমিতিৰ হেমন্ত ৰাভা,চন্দন ৰাভাকে ধৰি কৰ্মকৰ্তাসকলে প্ৰায় তিনি হাজাৰ মাক্স বিতৰণ কৰে৷
সাপ্তাহিক বজাৰখনলৈ অহা অঞ্চলটোৰ ৰাইজৰ মাজত মাক্স বিতৰণ কৰি পৰিষদীয় নেতা ৰাভা আৰু আঞ্চলিক আৰছু নেতা কমলেশ্বৰ ৰাভাই ক’ৰ'না সংক্ৰমণ ৰোধৰ হেতু স্বাস্থ্য বিভাগে আগবঢ়োৱা নীতি-নিৰ্দেশনাসমূহ সূচাৰুৰূপে পালন কৰিবলৈ ৰাইজক বিনম্ৰ অনুৰোধ জনায়৷
- Log in to post comments
- 16 views