ক'ভিডত মহিলাৰ মৃত্যু:বঙাইগাঁও জিলাত এদিনতে ৮৬ জন ব্যক্তি ক'ৰ'না আক্ৰান্ত  

*মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৫৬২ জনলৈ বৃদ্ধি*

#বঙাইগাঁৱৰ প্ৰতিবেদক: 

বঙাইগাঁও জিলাৰ ঝাউবাৰীৰ ৰম্ভা ৰায় ( ৫০ ) নামৰ মহিলা এগৰাকীৰ ৪ মে'ৰ পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক'ভিডৰ লগতে আন জটিলতাত ভুগি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে ৰম্ভা ৰায়ে শ্বাস-প্ৰশ্বাসজনিত  সমস্যাত ভোগাত পৰিয়ালৰ লোকে প্ৰথমে চিৰাং জিলাৰ চাপাগুৰীস্থিত চেণ্ট আগষ্টাইন হাস্পতালত ভৰ্তি কৰিছিল ৷ মহিলাগৰাকী মধুমেহ ৰোগতো ভুগি আছিল ৷ পিছত উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পতালত ভৰ্তি কৰা হয় ৷ কিন্তু এদিন পিছতে পুনৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা মহিলাগৰাকীৰ ক'ভিডত আক্ৰান্ত হোৱাতো পৰীক্ষাত ধৰা পৰিছিল ৷ পিছত মঙলবাৰে পুৱা ৬ঃ২০ বজাত চিকিৎসাধীন অৱস্থাতে ৰম্ভা ৰায়ৰ মৃত্যু হয় ৷ 

ইপিনে,বঙাইগাঁও জিলাত ক'ৰ'নাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা মঙলবাৰে ৫৬২ জনলৈ বৃদ্ধি পাইছে  ৷ জিলাখনত মঙলবাৰৰ দিনটোত নতুনকৈ ৮৬ জন ব্যক্তি কোভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৫৬২ জনলৈ বৃদ্ধি পালে ৷ সোমবাৰে জিলাখনৰ ৬৪ জনকৈ ব্যক্তি ক'ভিডত  আক্ৰান্ত হোৱাটো ধৰা পৰিছিল ৷ আনহাতে, মঙলবাৰৰ দিনটোত জিলাখনৰ ৩৯ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত মঙলবাৰে ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰটিপিচিআৰ টেষ্টকে ধৰি মুঠ ২,২৩৭ জনক ক'ভিড টেষ্ট  কৰা হয় ৷ জিলাখনত যোৱা ১ মাৰ্চৰ পৰা মঙলবাৰলৈ মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৮৭৫ জন হৈছে ৷


 

Your Comments