#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৪ মে':
নলবাৰী সদৰ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জয়ন্ত মল্ল বৰুৱাক চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ দাবী উত্থাপন হৈছে।
এই ক্ষেত্ৰত নলবাৰী জিলা বিজেপি,ভাৰতীয় জনতা যুৱ মৰ্চা,মহিলা মৰ্চা,এচ টি মৰ্চা, অ' বি চি মৰ্চা,কিষাণ মৰ্চা আদিৰ উপৰিও নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, পূৱ নলবাৰী মন্ডল বিজেপিৰ সভাপতি প্ৰতুল কলিতা,টাউন মন্ডল বিজেপিৰ সভানেত্ৰী অজিতা বৰ্মণ, নলবাৰী জিলা এচ টি মৰ্চাৰ সভাপতি হিতেশ ব্ৰহ্ম,নলবাৰী যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন,মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন,বড়িগোগ বনভাগ মহিলা মৰ্চাৰ সভানেত্ৰী মনিকা ভৰালী বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি সুৰেশ কলিতা, বড়িগোগ বনভাগ অ' বি চি মৰ্চা সভাপতি ৰঞ্জিত দাস, উপ-সভাপতি দ্বীজেন দাস,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়ত,ঘগ্ৰাপাৰ হৰি মন্দিৰ সমিতি,ঘগ্ৰাপাৰ বজাৰ সমিতি,বনভাগ বহুমুখী সমবায় সমিতি,দলুৱা হৰিমন্দিৰ সমিতি,বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সমিতি,খাতিকুছি হৰিমন্দিৰ -বজাৰ সমিতি,আল্লিয়া বজাৰ সমিতি,ধমধমা বজাৰ উন্নয়ন সমিতি,নাৰপাৰা বজাৰ সমিতি,শিলপোটাবৰী গোপাল মন্দিৰ সমিতি,বনভাগ কলেজৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল প্ৰধান শিক্ষক মনহৰি কলিতা,ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰ, ঘগ্ৰাপাৰ আঞ্চলিক শংকৰদেৱৰ নাম সংঘ,পূব নলবাৰী কৃষ্ণ গুৰু সেৱ আশ্ৰম,দিহজাৰী লক্ষ্মী মন্দিৰ উন্নয়ন সমিতি,বালিতাৰা গোপন মন্দিৰ সমিতি,দেহাৰকুচি দুৰ্গা মন্দিৰ সমিতি,লহকৰপাৰা দৌল উন্নয়ন সমিতি,বৰখলা দৌল মন্দিৰ সমিতি,বৰখলা শিৱ -মন্দিৰ সমিতি ধৰি নলবাৰী সমষ্টিৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ তথা দল-সংগঠনে নলবাৰী সদৰ সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ বাবেই জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্ব প্ৰদানৰ দাবী জনাইছে শীৰ্ষ নেতৃত্বৰ ওচৰত।
উল্লেখ যে জয়ন্ত মল্ল বৰুৱাই এইবেলি নলবাৰী জিলাৰ পৰা অভিলেখসংখ্যক ভোটেৰে বিজয়ী হ'বলৈ সক্ষম হৈছে।প্ৰণিধানযোগ্য যে প্ৰয়াত নগেন শৰ্মা নলবাৰী সমষ্টিত মন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈ কোনো এজন বিধায়কে নলবাৰী সদৰৰ পৰা মন্ত্ৰিত্ব পাবলৈ সক্ষম হোৱা নাই।
- Log in to post comments
- 22 views