*পশ্চিমবঙ্গৰ ঘটনাক গৰিহণা*
#বকোৰ পৰা বিষ্ণু ৰাম দাস:
ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল যোৱা দুই মে'ৰ দিনা ঘোষণা কৰা হয়। সদ্য ঘোষিত ফলাফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমষ্টিৰ অধিকাংশ সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী জয়ী হৈছে। লগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দলৰ জয়ী হোৱা বিধায়কৰ জড়িয়তে ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে। চৰকাৰ গঠন কৰা প্ৰক্ৰিয়াক আদৰণি আৰু পুনৰবাৰ ৰাজ্যত বিজেপিৰ চৰকাৰক শুভেচ্ছা জনাইছে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে। উল্লেখ্য যে আজি কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভা বঙাইগাঁৱত অনুষ্ঠিত হয়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যালয়ত আয়োজন কৰা সভাত লোৱা প্ৰস্তাৱ মৰ্মে ৰাজ্যত আকৌ এবাৰ বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে পৰৱৰ্তী চৰকাৰখনক শুভেচ্ছা জনায়। সভাত সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি কিশোৰ জ্যোতি ৰায়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হ'লে আমাৰ কোচ ৰাজবংশী সকলোৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যা জনজাতিকৰণৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ'ব। কিয়নো দেশৰ কেন্দ্ৰীয় চৰকাৰ বিজেপিৰ হ'লে তিনি মাহৰ ভিতৰত আৰু ৰাজ্যত চৰকাৰ বিজেপিৰ হ'লে ছয় মাহৰ ভিতৰতে কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ'ব বুলি বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল;মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলোৱেই ঘোষণা কৰি আহিছে। গতিকে,এইবাৰো যেতিয়া চৰকাৰ বিজেপিয়ে গঠন কৰিব,সেয়ে চৰকাৰ গঠনৰ পিছতেই কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আনহাতে, চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গত বসবাস কৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক অচিনাকী দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৰ সভাপতি কিশোৰ জ্যোতি ৰায়ৰ লগতে সংগঠনটোৰ নেতৃবৃন্দই। ইফালে,বিজেপিয়ে অসম চৰকাৰ গঠন কৰাৰ পিছতেই কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় আজিৰ সভাৰ জৰিয়তে।
- Log in to post comments
- 16 views